চানমাৰি–পাণবজাৰ আৰক্ষীৰ জালত ১০ গভাইত চোৰ
নিয়মীয়া বার্তা, ৩০ এপ্রিলঃ ক’ৰোনা মহামাৰীৰ সংক্রমণ ৰোধৰ বাবে দেশত চলি থকা দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়তে মহানগৰীত সক্রিয় হৈ পৰিছে অপৰাধী চক্র ৷ লকডাউনৰ সুযোগ গ্রহণ কৰি মহানগৰীৰ বিভিন্ন প্রান্তত আশ্রয় লৈ নিতৌ ন ন কৌশল অৱলম্বন কৰি অপৰাধী চক্রই বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰি আহিছে ৷ লকডাউনৰ সময়ছোৱাত সকলো লোক গৃহবন্দী হৈ থকাৰ সুযোগ লৈ অপৰাধী চক্রই মহানগৰীৰ ধর্মীয় অনুষ্ঠানকে ধৰি বিভিন্ন ব্যৱসায়–প্রতিষ্ঠান লুটপাত কৰি সন্ত্রাস চলাইছে ৷ বুধবাৰে চানমাৰি আৰক্ষীয়ে মহানগৰীৰ গান্ধীবস্তিৰ ৰে’ল আলিৰ সমীপৰ পৰিত্যক্ত এটা গৃহৰ পৰা ৫টা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰকেইটা ক্রমে– ধুবুৰী জিলাৰ বেপাৰীপট্টীৰ ছফিকুৰ ইছলাম ওৰফে মিথুন (২৮), কাইম আলী (১৮), মানকাচৰৰ মালান্দাপাৰাৰ মেহবুব আলী (১৯), বৰপেটাৰ কলগাছিয়া অঞ্চলৰ জাহিৰুল আলী (১৯) আৰু দৰং জিলাৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তর্গত নিমতুলি গাঁৱৰ এটা ১২ বছৰীয়া কিশোৰ বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে ধৃত চোৰকেইটাৰ পৰা শিলপুখুৰীৰ পঞ্চৱতী আশ্রমৰ পৰা চুৰ কৰা বহু মূল্যৱান সামগ্রী উদ্ধাৰ কৰে ৷ উল্লেখ্য যে যোৱা ২৭ এপ্রিলৰ নিশা ধৃত চোৰকেইটাই আশ্রমৰ তলা ভাঙি নিশা নগদ ধনসহ মূল্যৱান সামগ্রী লুট কৰে ৷ ঘটনা সন্দর্ভত চানমাৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ ধাৰাত ৩৫৯/২০ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে চোৰকেইটাক গ্রেপ্তাৰ কৰাৰ লগতে গান্ধীবস্তিত ৰে’ল আলিৰ পৰিত্যক্ত স্থানৰ পৰা আশ্রমৰ চুৰি সামগ্রীখিনি উদ্ধাৰ কৰে৷ চানমাৰি থানাৰ ভাৰপ্রাপ্ত বিষয়া বিশ্বজিৎ ডেকাৰ নেতৃত্বত চলা এই অভিযান কালত চোৰকেইটাক কৰায়ত্ত কৰা হয় যদিও এই ঘটনাৰ সৈতে জড়িত আৰু কেইবাটাও চোৰে পলায়ন কৰা বুলি জানিব পৰা গৈছে৷ ইপিনে, আৰক্ষীয়ে চোৰকেইটাক সোধা–পোছা কৰাৰ অন্তত চানমাৰিৰ এজন গোস্বামী উপাধিৰ চিকিৎসকৰ ঘৰৰ পৰা চুৰি হোৱা ৪টা ম’বাইল ফোন উদ্ধাৰ কৰা হৈছে৷ আনহাতে, মহানগৰীৰ পাণবজাৰ আৰক্ষীয়ে আজি ফাঁচীবজাৰৰ ২–৩ নং ৰে’ল গেটৰ বিভিন্ন প্রান্তত অভিযান চলাই নগদ ধন আৰু চুৰি সামগ্রীসহ ৫টা গভাইত চোৰক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰকেইটা ক্রমে গোলাঘাটৰ অনন্ত বৰা ওৰফে বগা (২৬), পল্টনবজাৰৰ শংকৰ দাস (২০), নলবাৰীৰ কমাৰকুছিৰ চাইদুল আলী (২৫), ফটাশিল আমবাৰীৰ নুৰ ইছলাম (২০) আৰু উত্তৰ গুৱাহাটীৰ পাপু বড়ো (২৬) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে ধৃত চোৰকেইটাই মহানগৰীত আশ্রয় লৈ চুৰি কার্যত লিপ্ত হৈ আছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি চোৰকেইটাক গ্রেপ্তাৰ কৰাৰ উপৰি নগদ ২,৭০০ টকা আৰু এটা টিভিৰ লগতে কেইবাটাও ম’বাইল ফোন উদ্ধাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে পাণবজাৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ধৃত চোৰকেইটাই যোৱা ২৪ এপ্রিলত পাণবজাৰৰ ডাঃ ৰূপম ডায়েবেটিছ এণ্ড ফুট কেয়াৰ চেণ্টাৰত চুৰি কাণ্ড সংঘটিত কৰিছিল ৷ এই সন্দর্ভত আৰক্ষীয়ে অভিযান চলাই আজি চোৰকেইটাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে আৰক্ষীৰ জালত পৰা অনন্ত বৰা ওৰফে বগা নামৰ চোৰটো পূর্বেও চুৰি গোচৰত অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷