ছাত্র–ছাত্রীৰ নিৰাপত্তাক লৈ হেতালি ব্যক্তিগত স্কুলৰ
উচ্চতম ন্যায়ালয়ক অৱমাননাঃ নীতি–নির্দেশনা উলংঘাৰে চলি আছে স্কুল বাছ
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অৱমাননা কৰি আহিছে মহানগৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে৷ শিক্ষা প্রদানৰ নামত অভিভাৱকৰ পৰা ব্যয়বহুল মাচুল আদায় কৰি অহা ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়ে কণ কণ শিক্ষার্থীৰ জীৱনক লৈও হেতালি খেলা পৰিলক্ষিত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশনাক সম্পূর্ণ উলংঘাৰে কণ কণ শিক্ষার্থীক বিদ্যালয়লৈ অনা–নিয়া কৰা অধিকাংশ বাছতেই নাই নির্ধাৰিত সুৰক্ষা ব্যৱস্থা৷ উচ্চ শিক্ষাৰ প্রাণকেন্দ্র গুৱাহাটী মহানগৰীত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ চাৰি শতাধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে৷ বিদ্যালয় কর্তৃপক্ষই ছাত্র–ছাত্রীক অনা–নিয়াৰ বাবে স্কুলভেন, মিনি বাছ আৰু চিটীবাছ ব্যৱহাৰ কৰি আহিছে৷ গুৱাহাটী মহানগৰীত ১২০০ৰো অধিক স্কুলবাছ চলাচল কৰে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি জিলা প্রশাসনে ছাত্র–ছাত্রীক অনা–নিয়া কৰা স্কুলবাছ, ভেনসমূহত বিদ্যালয় কর্তৃপক্ষক সুৰক্ষা ব্যৱস্থা আৰু সুবিধা প্রদান কৰিবলৈ নির্দেশ জাৰি কৰিছিল৷ কিন্তু গুৱাহাটীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এই নীতি–নির্দেশনা উলংঘা কৰি বিপদসংকুলভাৱে ছাত্র–ছাত্রীক অনা–নিয়া কৰা পৰিলক্ষিত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি স্কুলবাছ, ভেনৰ সন্মুখ আৰু পিছফালে ‘অন স্কুল ডিউটী’, দুয়োকাষে স্কুলৰ নাম, ফোন নম্বৰ লিখাটো বাধ্যতামূলক৷ তদুপৰি স্কুল বাছত ফার্ষ্ট এইড বক্স, ফায়াৰ এষ্টিংগুইচাৰ, স্কুল বাছ–ভেনত সুৰক্ষামূলক গ্রীল, ছাত্র–ছাত্রীৰ বেগ থ’ব পৰাকৈ ব্যৱস্থা, বহাৰ সুবিধা, ছাত্র–ছাত্রী অনা–নিয়াৰ সময়ত অভিভাৱক অথবা শিক্ষক থাকিব লাগিব৷ কিন্তু এই নীতি–নির্দেশনা উলংঘা কৰি একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই ছাত্র–ছাত্রীক স্কুললৈ অনা–নিয়া কৰি থকা পৰিলক্ষিত হৈছে৷ গুৱাহাটী মহানগৰীত চলাচল কৰা অধিকাংশ স্কুল বাছ–ভেনৰ আসনত ঠেলা–হেঁচাকৈ বিপদসংকুলভাৱে বহি অহা দেখা যায়৷ শিক্ষা প্রদানৰ নামত বছৰি প্রতিজন ছাত্র–ছাত্রীৰ পৰা হাজাৰ হাজাৰ টকাৰ মাচুল আদায় কৰি উচ্চতম ন্যায়ালয়ৰ নির্দেশ উলংঘাৰে বিদ্যালয় কর্তৃপক্ষই ছাত্র–ছাত্রীক স্কুলবাছত অনা–নিয়া কৰি অহাৰ পিছতো জিলা প্রশাসন, পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ নিয়ম অনুসৰি স্কুল বাছ–ভেনসমূহৰ ৰং হালধীয়া হ’ব লাগে৷ কিন্তু মহানগৰীত এতিয়াও বহু ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই স্কুল বাছ অথবা ভেনত হালধীয়া ৰং লগোৱা নাই৷ বহুকেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই ছাত্র–ছাত্রীৰ জীৱনৰ লগত হেতালি খেলি প্রয়োজনতকৈ অধিক ছাত্র–ছাত্রীক বিপদসংকুলভাৱে অনা–নিয়া কৰি অহা পৰিলক্ষিত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ উলংঘাৰে গুৱাহাটী মহানগৰীত চলাচল কৰি থকা স্কুল বাছ–ভেন আৰু বিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷