জালুকবাৰীত চিটীবাছৰ ওপৰত পৰিল ডাম্পাৰ
নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ বন বিষয়াৰ ছত্রছায়াত বন মাফিয়াই বনজ সম্পদৰ ধ্বংসকার্যৰে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ বন বিভাগে এই দৌৰাত্ম্য ৰোধত ব্যর্থ হোৱাৰ লগতে পৰিবহণ বিভাগেও এইক্ষেত্রত ইমানদিনে চকুমুদা কুলিৰ ভাও গ্রহণ কৰি আহিছে৷ ফলত এই দৌৰাত্ম্যই এতিয়া এনে পর্যায় পাইছে যে জালুকবাৰীত অনিয়ন্ত্রিত দুৰন্ত গতিত বালি কঢ়িয়াই অনা ডাম্পাৰ উৰণীয়া সেতুৰ ৰেলিং ভাঙি তলত ৰৈ থকা চিটী বাছৰ ওপৰত সৰি পৰে৷
ডাম্পাৰখন চিটী বাছৰ ওপৰত সৰি পৰাত ঘটনাস্থলীতে ডাম্পাৰ চালক কিছমৎ আলী (২৪)ৰ মৃত্যু হয়৷ দুর্ঘটনাটোত ডাম্পাৰখনৰ হেণ্ডিমেন মইনুদ্দিন আলী (২৮) গুৰুতৰভাৱে আহত হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে শৰাইঘাট দিশৰ পৰা মাটি কঢ়িয়াই অনা এ এছ ১৪চি–৪৭৭০ নম্বৰৰ ডাম্পাৰখনে উৰণীয়া সেতুৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাই লাচিত পার্কৰ সমীপৰ কেঁকুৰিত ৰখাই থোৱা এছ ০১–এইচ চি ৭৪৪৩ নম্বৰৰ চিটীবাছখনৰ ওপৰত সৰি পৰে৷ ফলত ডাম্পাৰ আৰু চিটীবাছখন চুচুর্মৈ হৈ পৰাৰ লগতে কাষতে ৰখাই থোৱা আন দুখন চিটীবাছৰো ক্ষতি হয়৷
পুৱা প্রায় ৫ বজাত সংঘটিত এই দুর্ঘটনাটোৰ পাছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে সৌভাগ্যক্রমে চিটীবাছকেইখনত চালক বা যাত্রী নথকাত অধিক হতাহত নহ’ল৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বন বিভাগৰ বিষয়াক মেনেজ কৰি দিনে–নিশাই শ শ শিল–বালি, মাটিভর্টি ট্রাক–ডাম্পাৰ গুৱাহাটীৰ মাজেৰে বিনাদ্বিধাই চলাচল কৰি আহিছে৷ যোৱা ২৪ ফেব্রুৱাৰীৰ নিশা সাত মাইলত অবৈধ বালিভর্তি ট্রাকৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হৈছিল৷ অবৈধ শিল–বালি–মাটিভর্তি ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই সম্ভাব্য দুর্ঘটনাৰ আশংকা কৰি ‘নিয়মীয়া বার্তা’ কাকতত তথ্যসহকাৰে বন বিভাগৰ একাংশ বিষয়াৰ ছত্রছায়াত চলি থকা বনধ্বংস অভিযানৰ কথা প্রকাশ পাইছিল৷ ট্রাক–ডাম্পাৰৰ দৌৰাত্ম্য ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক স্থানীয় ৰাইজে আহ্বান জনোৱাৰ কথা বাতৰিত প্রকাশ পাইছিল৷ কিন্তু বন বিভাগ আৰু পৰিবহণ বিভাগে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ নকৰাত এটা পষেকৰ ভিতৰতে বালি কঢ়িওৱা ডাম্পাৰে দ্বিতীয়টো ভয়াৱহ দুর্ঘটনা সংঘটিত কৰিলে৷
লক্ষণীয় যে ৰাণী আঞ্চলিক বন বিষয়া মনোৰঞ্জন বর্মনৰ পৃষ্ঠপোষকতাত একাংশ বন মাফিয়াই অবাধ হাৰত বন ধ্বংসকার্য অব্যাহত ৰখাৰ সমান্তৰালকৈ হাজো আঞ্চলিক বন বিষয়া সংগীতা সিনহাৰ পৃষ্ঠপোষকতাত দুটাকৈ অবৈধ বালি মহলত বন মাফিয়াই অবাধ হাৰত খনন অব্যাহত ৰাখিছে৷ যোৱানিশাও হাজোৰ দলিবাৰীৰ অবৈধ বালি মহলৰ পৰা কঢ়িয়াই অনা ডাম্পাৰে সংঘটিত কৰিলে এই ভয়াৱহ দুর্ঘটনাটো৷ ওৰেটো নিশা এনেদৰে টোপনি ক্ষতি কৰি ডাম্পাৰৰ চালকসকলে অবৈধ বালি কঢ়িয়াই অনাৰ ফলতেই মহানগৰীৰ বিভিন্ন স্থানত পথ দুর্ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বন বিভাগ আৰু পৰিবহণ বিভাগৰ বিষয়াৰে বন মাফিয়াৰ গোপন বুজাবুজিৰ বাবেই অবৈধ শিল–বালি–মাটি কঢ়িওৱা ট্রাকৰ দৌৰাত্ম্য ৰোধৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰা বুলি সর্বত্র চর্চা চলিছে৷