দীপৰ বিলত অবাধে কণীযুক্ত মৎস্য চিকাৰ
নিয়মীয়া বার্তা, ১১ মেঃ মহামাৰী ক’ভিড–১৯ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সুযোগ গ্রহণ কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ লকডাউনৰ সময়ছোৱাত মুনাফাখোৰ ব্যৱসায়ীসকলে হকে–বিহকে মহানগৰীত মাছ–মাংসৰ ব্যৱসায় চলাই আছে৷ একে সময়তে মহানগৰীৰ জলাশয়সমূহত মীন বিভাগৰ নীতি–নির্দেশনা উলংঘা কৰি মাছমৰীয়াসকলে মাছ ধৰা অব্যাহত ৰাখিছে৷ বিশেষকৈ দীপৰ বিলত জিলা মীন উন্নয়ন বিষয়াৰ নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি মাছমৰীয়াসকলে মাছ ধৰাৰ অঘোষিত প্রতিযোগিতাত নামি পৰিছে৷
আন্তঃজিলাৰ যাতায়াত নিষিদ্ধৰ সুযোগ গ্রহণ কৰি দিনে–নিশাই দীপৰ বিলৰ পৰা মাছমৰীয়াসকলে অবাধে কণীযুক্ত মাছ ধৰি চৰা দামত মহানগৰীৰ বজাৰত বিক্রী কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে মীন বিভাগৰ নিয়ম অনুসৰি এই সময়ছোৱা মাছৰ পোনা দিয়া সময়, সেইবাবে ব’হাগ মাহত জলাশয়সমূহৰ মাছ ধৰাৰ পৰা বিৰত থাকিবলৈ জিলা মীন উন্নয়ন বিভাগে নির্দেশ জাৰি কৰিছে৷ প্রতিবছৰে এই সময়ছোৱাত মাছমৰীয়াসকলে কণী থকা মাছ ধৰি বজাৰত মুকলিকৈ বিক্রী কৰি আহিছে৷
লক্ষণীয়ভাৱে এইবাৰ লকডাউনৰ সময়ত মহানগৰীত মাছৰ নাটনি হোৱাৰ সুযোগ গ্রহণ কৰি মাছমৰীয়াসকলে দীপৰ বিলত দিনে–নিশাই মাছ ধৰি বিলৰ স্বকীয়তালৈ ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে দীপৰ বিলত চলি থকা মাছ ধৰা প্রক্রিয়া বন্ধ কৰিবলৈ বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ যদিহে মাছমৰীয়াসকলকৰ ক্ষেত্রত জিলা মীন উন্নয়ন বিভাগে বিহিত ব্যৱস্থা গ্রহণ নকৰে, তেন্তে অনাগত দিনত বিলৰ মৎস্য নোহোৱা হৈ পৰাৰ আশংকা ব্যক্ত কৰিছে একাংশ স্থানীয় লোকে৷