দীপৰ বিলৰ সমীপৰ দেউছতাল খেলপথাৰত ভোগালী মেলা আৰম্ভ
নিয়মীয়া বার্তা, ২ জানুৱাৰী: অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ আগন্তক মাঘ তথা ভোগালী বিহুৰ লগত সংগতি ৰাখি অগ্ৰণী সামাজিক, সাংস্কৃতিক সংগঠন “ফাউণ্ডেশ্যন ফ’ৰ চচিয়েল এন্টাৰপ্ৰিনাৰশ্বিপ”ৰ ( এফ এফ এছ ই ) উদ্যোগত দীপৰ বিলৰ সমীপৰ দেউছতাল খেলপথাৰত ৩০ ডিচেম্বৰৰ দুসপ্তাহযোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে ভোগালী মেলা । বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ জনজাতীয় আৰু থলুৱা খাদ্য সম্ভাৰ , পৰম্পৰাগত খাদ্য , থলুৱা কৃষিজাত সামগ্ৰী সমূহক প্ৰচাৰ আৰু প্ৰসাৰ কৰা , মহিলা আত্মসহায়ক গোট সমূহৰ উৎপাদিত সামগ্ৰী সমূহৰ বিক্ৰী আৰু প্ৰদৰ্শনীৰ লক্ষ্যৰে আয়োজন কৰা ভোগালী মেলাখন ৩০ ডিচেম্বৰৰ সন্ধিয়া উদ্ধোধন কৰে ৰাষ্ট্রীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্যবাহী সঞ্চালক ডঃ অমিয় শৰ্মাই । এই উপলক্ষে এফ এফ এছ ইৰ অধ্যক্ষ বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত ভাষণ প্ৰসংগত ডঃ অমিয় শৰ্মাই ভোগালী বিহুৰ প্ৰাকখনত এনে ধৰণৰ মেলাৰ আয়োজন কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয় । অনুষ্ঠানত এফ এফ এছ ইৰ সম্পাদক বিপুল কলিতা, দেউছতাল গাঁওৰ চৰকাৰী গাওঁবুঢ়া নন্দৰাম ফাংচ , দেউছতাল নবজ্যোতি সংঘৰ সাধাৰণ সম্পাদক বিজয় বড়ো , দেউছতাল মহিলা সমিতিৰ সভানেত্ৰী দিপালী ক্ৰৌ আৰু সম্পাদিকা কল্পনা ৰংপী , আজাৰা গাঁও পঞ্চায়তৰ সদস্যদ্বয়। হীৰেন ইংতি আৰু দীনেশ বড়ো , শিক্ষকত্ৰয় দ্বীপেন ৰংপী , ভোগেশ্বৰ কলিতা আৰু বিমল মেধি , সমাজকর্মী কেষ্টৰাম ৰংপীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে অহা ১২ জানুৱাৰীলৈ চলিবলগীয়া এই মেলাৰ বিষয়ে কিবা জানিব বিচাৰিলে ৯৮৬৪০৮৩৯৯৫ বা ৯৮৬৪৮৭৪২৫২ মবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব । তেনেদৰে ভোগালী মেলালৈ অহা লোকসকলে ওচৰতে থকা দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে মেলাত বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰৰ জুতি লব পাৰিব ।