পত্নীক প্ৰাণে মৰাৰ চেষ্টা চলোৱা আঘাতপ্ৰাপ্ত সুৰাপায়ীৰ মৃত্যু
আজাৰাৰ পাটগাঁৱত গৃহকন্দলৰ ভয়ংকৰ পৰিণতিঃ পিতৃ-ভাতৃক আটক
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত জবে পাটগাঁৱত পাৰিবাৰিক কন্দলৰ পৰিণতিত আহত হৈ চিকিৎসাধীন অৱস্থাত অশ্বিনী বড়ো(৪০) নামৰ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে ৫ এপ্ৰিলৰ সন্ধিয়া অশ্বিনী বড়োৱে সুৰাপান কৰি আহি পিতৃ, পত্নী আৰু ভাতৃক হাতত দা এখন লৈ মাৰিবলৈ
খেদি যায়। কিন্তু সুৰাৰ ৰাগিত থকা অশ্বিনী বড়োৱে ভাৰসাম্য হেৰুৱাই ঘৰৰ বাৰাণ্ডাত উজুতি খাই পৰি মূৰত আঘাত পায় আৰু সংজ্ঞাহীন হৈ পৰে। পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়াৰ সহযোগত বড়োক প্ৰথমে এম এম চি এইচলৈ আৰু পিছত এক্সেল কেয়াৰ হাস্পতালৰ পৰা অশ্বিনী বড়োক চিকিৎসকে ঘৰলৈ আহিবলৈ দিয়ে আৰু ঘৰতে জিৰণি লবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কিন্তু ৭ এপ্ৰিলৰ নিশা নিজ গৃহতে অশ্বিনী বড়োৰ মৃত্যু হয়। এই সন্দৰ্ভত বুধবাৰে স্থানীয়
গাওঁবুঢ়াই আজৰা থানাত এঅজাহাৰ দাখিল কৰাত আৰক্ষীয়ে বড়োৰ পিতৃ তথা আদৰ্শ কৃষক ধৰ্মেশ্বৰ বড়ো (৬৬) আৰু ভাতৃ ৰঞ্জন বড়ো(৩২) ক সোধা পোচৰ বাবে আটক কৰা লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চিএইচলৈ প্ৰেৰণ কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ ধাৰাৰ অধীনত ২৩০/২০ নম্বৰত এটি গোচৰ ৰুজু কৰে।