পশ্চিম মায়ঙৰ কৃষিভূমিত অবাধ খনন
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ৰাজ্যৰ বন বিভাগত একাংশ বনদস্যু ৰূপী বন বিষয়াৰ নেতৃত্বত চলি আহিছে ব্যাপক লুণ্ঠনৰাজ৷ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ সৰলতাৰ সুযোগ লৈ বন বিভাগত একাংশ অসাধু বন বিষয়াই কৰ ফাঁকিৰে অব্যাহত ৰাখিছে লুণ্ঠনৰাজ৷ শেহতীয়াকৈ পূব কামৰূপ বন সংমণ্ডলৰ অধীনস্থ চন্দ্রপুৰত অসাধু বন বিষয়াৰ পৃষ্ঠপোষকতাত বালিৰ ছিণ্ডিকেট চলি অহাৰ সমান্তৰালকৈ পশ্চিম মায়ঙৰ গোভালী আৰু কান্দুলী বিলৰ সমীপত বন বিষয়াক মেনেজ কৰি এটা দুষ্টচক্রই দিনে–নিশাই অব্যাহত ৰাখিছে খেতিপথাৰত অবাধ মাটি খনন৷ স্থানীয় আৰক্ষী আৰু বন বিভাগৰ বিষয়াক মেনেজ কৰি এই অসাধু চক্রটোৱে জেচিবি, ফ’কলেন আৰু ডাম্পাৰেৰে দিনে–নিশাই কৃষিভূমিত মাটি খনন কৰি চন্দ্রপুৰ, পশ্চিম মায়ং, বুঢ়া মায়ং অঞ্চলৰ বহু ঐতিহাসিক জলাশয় পুতি পেলোৱা বুলিও স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত চন্দ্রপুৰৰ সাংবাদিকৰ এটা দলে অঞ্চলটো পৰিভ্রমণ কৰাৰ সময়তে অবৈধভাৱে কৃষিভূমিত চলাই থকা মাটি খনন বন্ধ কৰি দুষ্ট চক্রটোৱে জেচিবি, ডাম্পাৰ এৰি পলায়ন কৰে৷
ইয়াৰ কিছু সময়ৰ পিছতে উক্ত স্থানত প্রফুল্ল তিমুং নামৰ এজন ব্যক্তি উপস্থিত হৈ ৰাজহুৱা কামত ব্যৱহাৰৰ বাবে কৃষিভূমিত মাটি খনন কৰা বুলি সাংবাদিকৰ দলটোক অৱগত কৰে৷ লগতে তিমুঙে মাটি খননৰ বাবে বন বিভাগৰ লোকে অনুমতি প্রদান কৰাৰ কথাও সাংবাদিকৰ দলটোক অৱগত কৰে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্রফুল্ল তিমুং নামৰ লোকজনে বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি হকে–বিহকে কৃষিভূমি খনন কৰি বিগত দুই–তিনি মাহ ধৰি খনন কার্য অব্যাহত ৰাখিছে৷ ৰাইজৰ অভিযোগ অনুসৰি বনমন্ত্রীৰ ঘনিষ্ঠ পাণ্ডে উপাধিৰ এগৰাকী ব্যক্তিগত সহায়কৰ পৃষ্ঠপোষকতাতে প্রফুল্ল তিমুঙে চন্দ্রপুৰ, পশ্চিম মায়ং, বুঢ়া মায়ঙৰ কৃষিভূমিত অবাধ খনন অব্যাহত ৰাখিছে৷ লাখ লাখ টকাৰ কৰ ফাঁকিৰে অসাধু বন বিষয়াৰে মিতিৰালি কৰি চন্দ্রপুৰ, পশ্চিম মায়ং, বুঢ়া মায়ঙত বনমন্ত্রীৰ ঘনিষ্ঠ পাণ্ডেৰ পৃষ্ঠপোষকতাত চলি থকা বালি আৰু মাটিৰ ছিণ্ডিকেট বন্ধ কৰাৰ বাবে বন বিভাগ আৰু চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷