পাণ্ডুত তীৰ–জুৱা–সুৰাৰ আড্ডা
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ জালুকবাৰী আৰক্ষী থানাৰ অন্তর্গত পাণ্ডু ৬নং কলনীকে ধৰি বিভিন্ন অঞ্চলত দিনে–নিশাই চলি থকা মদ, তীৰ আৰু জুৱাৰ আড্ডাই সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ পিছতো আৰক্ষী আৰু আবকাৰী বিভাগে ব্যৱস্থা গ্রহণ নকৰা কার্যই ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ প্রাপ্ত অভিযোগ অনুসৰি পাণ্ডুৰ ৬নং কলনী মছজিদ গলিকে ধৰি কেইবাটাও আৱাসিক এলেকাৰ পথৰ দাঁতি, দোকানৰ কাষত পুৱাৰ পৰা নিশালৈ চলি থাকে জুৱাৰ আড্ডা৷ সমান্তৰালভাৱে চলি থাকে মদৰ আড্ডা৷ দিনৰ পোহৰতে মদ খাই মাতাল হৈ পৰা মদাহীৰ অশ্লীল বাক্যবাণে আৱাসিক এলেকাৰ অন্য লোকসকলক অতিষ্ঠ কৰি তুলিছে৷ কোনো লোকে এই বিষয়ে প্রতিবাদ কৰিলে ওলোটাই মদাহীৰ পৰা ভাবুকিহে লাভ কৰে৷ তদুপৰি পাণ্ডুৰ কেইবাখনো দোকানত পুৱাৰ পৰা বিক্রী হৈ থাকে তীৰৰ টিকট৷ তীৰ খেলৰ টিকট ক্রয় কৰি অধিক ধন লাভ কৰাৰ আশাত ইতিমধ্যে বহু লোক সর্বস্বান্ত হ’ব লগা হৈছে৷ স্থানীয় সচেতন লোকসকলে এই বিষয়ে জালুকবাৰী আৰক্ষীক ইতিমধ্যে অৱগত কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে৷ আনহাতে আবকাৰী বিভাগৰ পাণ্ডু আবকাৰী চক্র নামেৰে এটি কার্যালয় আছে যদিও বিভাগীয় বিষয়া–কর্মচাৰীসক দিনৰ পোহৰত মুকলিভাৱে চলি থকা দেশী–বিদেশী মদৰ আড্ডা উচ্ছেদ নকৰা কার্যই স্বাভাৱিকতে সৃষ্টি কৰিছে ব্যাপক প্রতিক্রিয়াৰ৷