পেট্র’লজাত সামগ্রীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ বিক্ষোভ
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ পেট্র’লজাত সামগ্রীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্রতিবাদত সদৌ গুৱাহাটী ছাত্র সন্থাই আজি মহানগৰীৰ ৰাজপথ উত্তাল কৰি তুলিলে৷ দিনৰ ১২ বজাত সদৌ গুৱাহাটী ছাত্র সন্থাৰ নেতৃত্বত কেইবা শতাধিক প্রতিবাদকাৰীয়ে হঠাতে পেট্র’ল আৰু ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতে হাতে বিভিন্ন দাবীসম্বলিত বেনাৰ, ফেষ্টুন লৈ শ্লোগান দি জজ খেলপথাৰৰ মূলদ্বাৰৰ সন্মুখৰ ৰাজপথত সমৱেত হৈ উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ যোৱা কিছুদিনৰ পৰা ক্রমান্বয়ে অস্বাভাৱিকভাৱে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি হৈ আছে আৰু যোৱা এমাহত ১০বাৰ মূল্যবৃদ্ধি হোৱাৰ প্রতিবাদতে ছাত্র সন্থাই আজি এই উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক টুটুমণি চৌধুৰীয়ে এক প্রেছ বিবৃতিযোগে কয়– ক’ৰোনা মহামাৰীয়ে জনসাধাৰণক আর্থিকভাৱে জুৰুলা কৰি পেলাইছে৷ এনে পৰিস্থিতিত কেন্দ্রীয় চৰকাৰে ভূতৰ ওপৰত দানৱ পৰাদি আকৌ পেট্র’লজাত সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধি কৰিছে৷ এন কার্যত ৰাজ্য চৰকাৰেও সহযোগিতা আগবঢ়াইছে৷ তেল কোম্পানীসমূহে নিজৰ লাভৰ বাবে আৰু কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চৰকাৰ পৰিচালনাৰ বাবে অত্যধিক কৰ জাপি দি জনসাধাৰণক মাধমাৰ শোধাইছে৷ এয়া চূড়ান্ত জনবিৰোধী৷ এনে কার্য কেতিয়াও সহ্য কৰা নহ’ব৷
ছাত্র সন্থাই স্পষ্টভাৱে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক পেট্র’ল–ডিজেলৰ মূল্য হ্রাস কৰিবলৈ দাবী জনাই লগতে বিবৃতিটোত পেট্র’লজাত সামগ্রীৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে যাতে পৰিবহণ ক্ষেত্রত আৰু নিত্য আৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি নহয় তাৰ বাবে ৰাজ্য চৰকাৰক ছাত্র সন্থাই সকীয়াই দিয়ে৷