নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফার্নিচাৰৰ গুদামসহ ৪ বাসগৃহ ভস্মীভূত ঃ লক্ষাধিক টকাৰ ক্ষতি

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ  বশিষ্ঠৰ পাটৰকুছিত বিয়লি বিধ্বংসী অগ্ণিকাণ্ড সংঘটিত হয়৷ বিয়লি প্রায় ৩.৩০ বজাত সংঘটিত এই অগ্ণিকাণ্ডত এখন ফার্নিচাৰৰ গুদামসহ চাৰিটাকৈ বাসগৃহ সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে কেইবালাখ টকাৰ সামগ্রী জ্বলি ছাই হয়৷ আৰক্ষী সূত্রই জনোৱা মতে পাটৰকুছিৰ নৱোদয় নগৰৰ ৭নং উপপথত থকা ফার্নিচাৰৰ গুদামটোত জুইৰ সূত্রপাত ঘটে৷ নিমিষতে জুইৰ লেলিহান শিখাই ফার্নিচাৰৰ গুদামটো ছানি ধৰাত অঞ্চলটোত হুৱাদুৱা লাগে৷ এই জুই সম্প্রসাৰিত হৈ গুদামটোৰ লগতে থকা কেইবাটাও বাসগৃহলৈ বিয়পি পৰে৷ এই অগ্ণিকাণ্ডত ফার্নিচাৰৰ গুদামটোৰ বহু আচবাব ভস্মীভূত হোৱাৰ লগতে বাসগৃহত থকা তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়৷ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অগ্ণিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে৷ উল্লেখ্য যে গুদামটোৰ ওপৰেৰে পাৰ হৈ গৈছে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ৷ আৰক্ষী আৰু ৮খন অগ্ণিনির্বাপক বাহিনীৰ গাড়ীয়ে স্থানীয় লোকৰ সহযোগত চাৰি ঘণ্টাৰ মূৰত জুই নির্বাপিত কৰিবলৈ সক্ষম হয়৷ অগ্ণিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বর্ট চার্কিটৰ ফলতেই এই অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

অৱশ্যে বাতৰি লিখা পৰলৈকে জুইত জাহ যোৱা ফার্নিচাৰৰ গুদামটোৰ গৰাকীৰ সন্ধান উলিয়াব পৰা হোৱা নাই৷ ফার্নিচাৰৰ গুদামটোত কেইবাজনো কর্মচাৰীয়ে কাম কৰি আছিল যদিও অগ্ণিকাণ্ড সংঘটিত হোৱাৰ সময়ত কর্মচাৰীকেইজন দৌৰি আত্মৰক্ষা কৰিবলৈ সক্ষম হয়৷ কিন্তু এই অগ্ণিকাণ্ড সন্দর্ভত ৰহস্যৰ গোন্ধ পাইছে আৰক্ষীয়ে৷ তদন্তৰ অন্ততহে অগ্ণিকাণ্ড সংঘটিত হোৱাৰ প্রকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি অগ্ণিনির্বাপক বাহিনীৰ এক সূত্রই জানিবলৈ দিছে৷ অৱশ্যে এই অগ্ণিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই৷

You might also like