নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বশিষ্ঠৰ জল গৱেষণা প্রতিষ্ঠানত মন্ত্রী পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: স্বাধীনতাৰ হীৰক জয়ন্তী (অমৃত মহোৎসৱ) উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানমর্মে অসমৰ জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই বুধবাৰে বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্রতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কার্যসূচীত অংশগ্রহণ কৰে৷ বর্তমান বর্ধিত গোলকীয় উষ্ণতা আৰু ভূমি সংৰক্ষণৰ বাবে গছ ৰোপণ খুবেই গুৰুত্বপূর্ণ বুলি মন্তব্য কৰি মন্ত্রী হাজৰিকাই জলসম্পদ বিভাগৰ বিষয়া আৰু কর্মচাৰীক সমগ্র অসমজুৰি এই গছপুলি ৰোপণ কার্যসূচী কার্যকৰী কৰিবলৈ আহ্বান জনায়৷ ‘আমি যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে সচেতন নহওঁ, তেন্তে আমাৰ ভৱিষ্যৎ প্রজন্মই এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব৷’ গছপুলি ৰোপণ কৰি উঠি মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে৷

গছপুলি ৰোপণ কৰাৰ আগমুহূর্তত অনুষ্ঠিত বিভাগীয় সভাখনত নিজৰ মন্ত্রীগৰাকীয়ে কয় যে বিগত দুটা বছৰত তেওঁ নিজৰ পৰিয়াল আৰু সমষ্টিৰ অনুগতসকলৰ সৈতে জাগীৰোড সমষ্টিৰ ৰাষ্ট্রীয় ঘাইপথৰ কাষত ৬০০০ আজাৰ গছৰ পুলি ৰোপণ কৰিছিল আৰু তাৰে ১০০০ পুলি নষ্ট হোৱাত এইবাৰ পুনৰ ১০০০ পুলি ৰোপণ কৰা হৈছে৷ আনহাতে জলসম্পদ বিভাগৰ হাতত অসমৰ এটা ডাঙৰ সমস্যা, বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দায়িত্ব ন্যস্ত আছে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে বিভাগৰ সকলো বিষয়া–কর্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়৷ আজিৰ এই গছপুলি ৰোপণ কার্যসূচীত মন্ত্রীগৰাকীৰ সৈতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা,অতিৰিক্ত মুখ্য অভিযন্তাকে ধৰি বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল৷

You might also like