নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুণীমৈদামত ‘প্রেৰণা প্রকাশন’ৰ দহখন গ্রন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বামুণীমৈদামস্থিত প্রাগ্জ্যোতিষ প্রকাশন ট্রাষ্টৰ কার্যালয়ত অলপতে একেদিনাই ১০খনকৈ গ্রন্থ উন্মোচন কৰা হয়৷ মহানগৰীৰ নাৰিকলবস্তিস্থিত ‘প্রেৰণা প্রকাশন’ৰ দ্বাৰা প্রকাশিত গ্রন্থকেইখনৰ লেখক খগেন শইকীয়া৷ প্রাগজ্যোতিষ প্রকাশনৰ ট্রাষ্টৰ সম্পাদক, প্রাগজ্যোতিষ অসমীয়া সাপ্তাহিক আৰু ঈশান দর্পণ (ইংৰাজী) কাকত দুখনৰ পৰিচালন সম্পাদক তথা বিশিষ্ট লেখক খগেন শইকীয়াই লিখি উলিওৱা গ্রন্থকেইখন ক্রমে সংস্কৃতি প্রবাহ, নীতিকথা সাধু, চাণক্য নীতি, শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রী মাধৱদেৱ, আমাৰ ঋষি–মুনিসকল, মধুৰং সুভাষিতম, স্বাধীনতা সংগ্রামত অসমৰ শ্বহীদসকল, চৰিত্র নির্মাণ আৰু শিকনি মূল্যবোধ, বিদ্যাভাৰতীৰ ৰূপৰেখা আৰু ভাৰতী সংস্কৃতি প্রশ্ণোত্তৰী৷ ট্রাষ্টৰ কার্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বহুমূলীয়া গ্রন্থকেইখনৰ শুভ উন্মোচন কৰে ক্রমে প্রাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ সম্পাদক শশীপ্রভা দাস, ঘনশ্যাম শইকীয়া, সাংবাদিক ঈশ্বৰ মহন্ত আৰু সত্যধৰ মটকে৷ ভাষণত উন্মোচককেইজনে লেখক শইকীয়াৰ এয়া এক উল্লেখযোগ্য পদক্ষেপ বুলি অনুভৱ কৰাৰ লগতে অসমীয়া সাহিত্যৰ ভঁৰাললৈ অভূতপূর্ব অৱদান বুলি মন্তব্য কৰে৷ অনুষ্ঠানত লেখক খগেন শইকীয়াই বিভিন্ন সময়ত ঘাইকৈ মহামাৰী ক’ৰোনাৰ বাবে দেশজুৰি বলৱৎ হোৱা লকডাউনৰ সময়ত গ্রন্থকেইখন লিখি উলিওৱা হয় বুলি জানিবলৈ দিয়ে৷ উক্ত গ্রন্থ উন্মোচনী সভাত প্রাগজ্যোতিষ প্রকাশন ট্রাষ্টৰ সমূহ বিষয়ববীয়া আৰু কর্মকর্তাৰ উপৰি হিন্দু সুৰক্ষা সেনাৰ প্রণৱ বৰা, অসম প্রকাশন পৰিষদৰ সহকাৰী সম্পাদক ভাৰতী বি মহন্তও উপস্থিত থাকে৷ অনুষ্ঠানটিৰ আঁত ধৰে প্রাগজ্যোতিষ অসমীয়া সাপ্তাহিকৰ কর্মকর্তা ইলা ডেকাই৷

You might also like