নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাহন চলাচলৰ অনুমতি বিচাৰি ডিচিৰ কার্যালয়ত ভিৰ

সামাজিক দূৰত্বক ভেঙুচালি একাংশৰ : এবিচি–গণেশগুৰিত সৃষ্টি হ’ল যান–জঁট

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে চলি থকা লকডাউনৰ মাজতে সোমবাৰে গুৱাহাটী মহানগৰীত এক অভূতপূর্ব পৰিস্থিতিৰ সৃষ্টি হয় ৷ লকডাউনৰ সকলো নীতি–নির্দেশনা উলংঘা কৰি মহানগৰীত ওলাই আহে শ শ লোক৷ বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত আজি যান–বাহন চলাচলৰ অনুমতি বিচাৰি শ শ লোকে ভিৰ কৰে ৷ ইয়াৰে বহুসংখ্যক লোকে মাস্ক পৰিধান নকৰাকৈ তথা সামাজিক দূৰত্ব বজাই নৰখাকৈ উপায়ুক্তৰ কার্যালয়ত দীঘলীয়া শাৰী পাতে ৷

উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছে সৃষ্টি কৰিব পৰা সম্ভাব্য ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশত যোৱা ২৫ মার্চৰ পৰা লকডাউন ঘোষণা কৰে৷ পৰৱর্তী সময়ত পুনৰ অহা ৩ মে’লৈ লকডাউনৰ সময় বৃদ্ধি কৰা হয়৷ লকডাউনে আজি ২৮ দিনত ভৰি দিলে৷ লকডাউন অব্যাহত থকাৰ মাজতে অসম চৰকাৰে কাইলৈৰ পৰা চৰকাৰী কার্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চৰকাৰী কার্যালয় খোলাৰ এদিন পূর্বে আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত ভিৰ কৰে শ শ লোকে ৷

ইয়াৰে অধিকাংশ লোকে লকডাউনৰ সকলো নীতি–নির্দেশনা উলংঘা কৰি উপায়ুক্তৰ কার্যালয়ত গোট খায়৷ যান–বাহন চলাচলৰ অনুমতি–পত্র বিচাৰি অহা বহুসংখ্যক লোকে মাস্ক নিপিন্ধাকৈ আৰু সামাজিক দূৰত্ব বজাই নৰখাকৈ দীঘলীয়া শাৰী পাতে৷ উপায়ুক্তৰ কার্যালয়ত অনুমতি–পত্র বিচাৰি অহা লোকসকলৰ সৰহভাগেই চৰকাৰী চাকৰিয়াল৷ এইসকল চাকৰিয়ালৰ একাংশই আকৌ কামৰূপ মহানগৰ জিলাৰ পৰা অন্য এখন জিলাত থকা কার্যালয়লৈ যাবৰ বাবে যান–বাহনৰ অনুমতি বিচাৰি উপায়ুক্তৰ কার্যালয়ত একপ্রকাৰ হেতা–ওপৰা লগায়৷ এনে পৰিস্থিতিত আৰক্ষী উপস্থিত হৈ সকলোকে সামাজিক দূৰত্ব বজাই ৰাখি শাৰী পাতিবলৈ বাধ্য কৰায়৷ উল্লেখ্য যে লকডাউন বলৱৎ হোৱাৰ পিছৰে পৰা ৰাজ্যত একপ্রকাৰ জনজীৱন স্থবিৰ হৈ পৰাৰ সময়তে আজি উপায়ুক্তৰ কার্যালয়ত এইদৰে মানুহে ভিৰ কৰাত সচেতন লোকৰ মাজত উদ্বিগ্ণতাৰ সৃষ্টি হয়৷ ইফালে ব্যৱসায়িক যান–বাহনৰো অনুমতি–পত্র বিচাৰি আজি বহু মানুহ ওলাই অহাৰ লগতে আন একাংশ লোকে আকৌ বজাৰ কৰিবলৈ যান–বাহন লৈ ওলাই অহাত মহানগৰীৰ এবিচি, গণেশগুৰি আদিত যান–জঁটৰ সৃষ্টি হয় ৷

You might also like