নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রৰ বানত বুৰিল আজাৰাৰ বিস্তীর্ণ অঞ্চল

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যৰ দ্বিতীয়টো বানত বুৰ গ’ল আজাৰা ৰাজহ চক্র এলেকাৰ কুহাবৰীকে ধৰি আজাৰাৰ বিস্তীর্ণ অঞ্চল৷ ইতিমধ্যে ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে পলাশবাৰীৰ সদিলাপুৰ হৈ ৰাজহ চক্র এলেকাটোৰ গড়লগাঁও পঞ্চায়তৰ কুহাবৰীকে ধৰি বিস্তীর্ণ এলেকা বুৰাই পেলাইছে৷ আনফালে, দীপৰ বিলত বশিষ্ঠ আৰু পামহীৰে তীব্র বেগেৰে পানী সোমাবলৈ ধৰাত দীপৰ বিলৰ দাঁতি কাষৰীয়া বৰবৰী, হীৰাপাৰা আদি অঞ্চলৰ কিছু কিছু অংশ বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ পানী বাঢ়ি থাকিলে এই পানী বৰঝাৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ চৌহদো বুৰাই পেলোৱা সম্ভাৱনা আছে৷ ইতিমধ্যে বানৰ গৰাহত পৰি কেইবাটাও গড়কাপ্ঢানী পথৰ লগতে গাঁৱৰ ভিতৰৰ উপপথেৰেও যাতায়াত বন্ধ হৈ পৰিছে৷

এলেকাটোৰ এছ’এছ–মির্জাপুৰ–এছআইআ গড়কাপ্ঢানী পথ, বিমানকোঠ– কুহাবৰী গড়কাপ্ঢানী পথ, কেওটপাৰা–হীৰাপাৰা গড়কাপ্ঢানী পথৰ ওপৰেৰে পানী বাগৰি যোৱাত সেইবোৰ পথ বন্ধ হৈ পৰিছে৷ আজাৰাৰ বৰবৰী প্রাথমিক বিদ্যালয় ইতিমধ্যে বানৰ গৰাহত পৰিছে৷ বানগ্রস্ত এলেকাসমূহত সৰহসংখ্যক লোকৰে ঘৰ–বাৰীত পানী সোমোৱাৰ লগতে শাক–পাচলিকে ধৰি খেতিপথাৰৰ শস্য সমূলি নষ্ট হৈছে৷ উল্লেখ্য যে যোৱা ২৮ জুনৰ পৰা ৩ জুলাইলৈ দীপৰ বিলৰ বাঢ়নী পানীয়ে কুহাবৰী, আমবৰী, ভক্তোবৰী, কেওটপাৰা, হীৰাপাৰা, বৰবৰী, লোৱাৰ মির্জাপুৰকে ধৰি আজাৰা ৰাজহ চক্রৰ বিস্তীর্ণ অঞ্চল বুৰাই পেলাইছিল৷

আনকি দীপৰ বিলৰ বাঢ়নী পানীয়ে বৰঝাৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ সন্মুখভাগো বুৰাই পেলাইছিল৷ পানী লাহে লাহে শুকাবলৈ ধৰাত ৰাইজৰ সমস্যা আঁতৰিছিল যদিও পুনৰ যোৱা ১৫ জুলাইৰ আবেলিৰ পৰা ব্রহ্মপুত্রৰ পানীয়ে পুনৰ অঞ্চলবোৰ বুৰাই পেলায়৷

You might also like