নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূতনাথ শ্মশনাক মৃতদেহ সৎকাৰৰ বাবে কাঠৰ খৰি প্ৰদান

বনবিভাগৰ গুৱাহাটী ৰেঞ্জৰ কাৰ্যালয়ৰ উদ্যোগ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰিছে। মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে লকডাউন ঘোষণা কৰিছে। ক’ৰোনা ভাইৰাছৰ সমক্ৰমণ ৰোধৰ বাবে ২১ দিনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি লকডাউন ঘোষণা কৰাত দেশৰ লগতে স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। একেদৰে গুৱাহাটী মহানগৰীতো লকডাউনৰ বাবে যান বাহন চলাচলকে ধৰি সকলো চৰকাৰী তথ্য বেচৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠান সম্পূৰ্ণ ৰখা হৈছে। লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু জৰুৰী সেৱাসমূহ মুকলি আছে যদিও যান-বাহন চলাচল বন্ধ হৈ পৰাত মহানগৰীৰ একাংশ শ্মশানত মৃতদেহ সৎকাৰ কৰাৰ বাবে খৰিৰ অভাৱ পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বনবিভাগৰ ৰেঞ্জাৰ কাৰ্যালয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ ৰেঞ্জাৰ কাৰ্যালয়ে মহানগৰীৰ ভূতনাথ শ্মশানত মৃতদেহ সৎকাৰৰ বাবে খৰি যোগান ধৰাৰ ব্যৱস্থা হাতত লৈছে। প্ৰথম পৰ্যায়ত বন বিভাগৰ এটা দলে গুৱাহাটীৰ ভূতনাথ শ্মশানত এক গাড়ী কাঠখৰি প্ৰদান কৰে। মৃচদেহ সৎকাৰৰ লক্ষ্যৰে কাইলৈ পুনৰ আৰু এক গাড়ী কাঠখৰি প্ৰদান কৰা হব বুলি বনবিভাগৰ লোকে জানিবলৈ দিছে। উল্লেখ্য যে মহানগৰীৰ কেইবাখনো শ্মশানত মৃতদেহ সৎকাৰৰ বাবে দৈনিক বহু খৰিৰ প্ৰয়োজন হয়। লকডাউনৰ বাবে গুৱাহাটীৰ আটাইকেইখন শ্মশানত খৰিৰ অভাৱত শ্মশান কৰ্তৃপক্ষ বিপদৰ সন্মুখীন হৈ আহিছে। বনবিভাগৰ এনে পদক্ষেপক মহানগৰবাসীৰ লগতে শ্মশান কৰ্তৃপক্ষই শলাগ লৈছে।

You might also like