নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ লময়ছোৱাত মহানগৰবাসীক ঘৰতে অনলাইনযোগে পাচলি যোগান ধৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলা দণ্ডাধীশে লকডাউনৰ সময়ছোৱাত কেইবাটাও প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষক এই অনুমতি প্ৰদান কৰিছে। প্ৰাপ্ত তথ্য মতে তাজা চবজি এপত বুক কৰা গ্ৰাহকসকলে 8011072690, ফ্ৰেছড এপত অৰ্ডাৰ দিয়া সকলে
9864218189 নম্বৰত যোগাযোগ কৰিব পাৰিব। একেদৰে ছচিয়েল এণ্টাৰপ্ৰাইজ এক্সপাৰ্টছ গ্ৰুপত বুক কৰা সকলে 9085333351, চমুৱা ই এন জিঅ এপত বুক কৰা সকলে 7002031710 নম্বৰত পৃথিৱী এগ্ৰ’ফ্ৰেছল’ এপত বুকিং কৰা সকলে 9870283506 নেৰামেক এপত বুকিং কৰা সকলে 8638995055 নম্বৰত যোগাযোগ কৰিব পাৰিব। ইপিনে টেম্পেছনত বুকিং কৰা সকলে 7086240262 নম্বৰত যোগাযোগ কৰিব পাৰিব। একেদৰে প্ৰশাসনে মহানগৰবাসীক পাচলি যোগান ধৰাৰ বাবে নয়ন প্ৰতিম কুমাৰক অনুমতি প্ৰদান কৰিছে। গ্ৰাহকসকলে নয়ন প্ৰতিমক যোগাযোগ কৰিবলৈ 9954751815 নম্বৰত যোগাযোগ কৰিব পাৰিব। তদুপৰি গ্ৰাহক সকলে এচিচি গ্ৰুপত ইমষ্টিটিউচন আৰু লোকেল ফাৰ্মৰ পাচলি অনলাইনত বুকিং কৰিব পাৰিব।