নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত গঢ়ি উঠিছে মাস্কৰ ক’লা বজাৰ

ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আতংকৰ সুযোগ গ্রহণ অসাধু ব্যৱসায়ীৰ


নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ
সমগ্র দেশৰ লগতে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো ক’ৰোনা ভাইৰাছৰ আতংক বিৰাজ কৰিছে৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাত ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা কামৰূপ মহানগৰ জিলা প্রশাসনে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি সতর্কবাণী প্রেৰণ কৰিছে৷ চৰকাৰ–প্রশাসনৰ সতর্কবাণীলৈ সঁহাৰি জনাই ইতিমধ্যে বিভিন্ন বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানে মহানগৰীত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন কার্যসূচী গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে সমগ্র ৰাজ্যৰ লগতে কলেজ আৰু বিশ্ববিদ্যালয়কে ধৰি অন্যান্য শিক্ষানুষ্ঠান অহা ২৯ মার্চলৈ বন্ধ ঘোষণা কৰিছে৷ তদুপৰি হোটেল–ৰেষ্টুৰেণ্ট আৰু শ্বপিং মলকে ধৰি অন্যান্য জনবহুল এলেকাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ প্রশাসনে মহানগৰবাসীক আহ্বান জনাই কাৰোবাৰ দেহত ক’ৰোনাৰ লক্ষণ দেখা দিলে স্বাস্থ্যকর্মী তথা চিকিৎসকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ এইক্ষেত্রত ইতিমধ্যে জিলা প্রশাসনে হেল্প লাইন নম্বৰ মুকলি কৰিছে৷ লগতে উৰাবাতৰিত ভোল নগৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা মুক্ত থাকিবলৈ স্বাস্থ্যসন্মত মাস্ক পৰিধান কৰাকে ধৰি সঘনাই হাত ধোৱা আৰু অন্যান্য প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ জিলা প্রশাসনে মহানাগৰিকক আহ্বান জনাইছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ আতংক বিয়পি পৰাৰ সুযোগ গ্রহণ কৰিছে একাংশ ব্যৱসায়ীয়ে৷ মহানগৰীৰ ফার্মাচীকে ধৰি একাংশ ব্যৱসায়–প্রতিষ্ঠান গৰাকীয়ে ক’ৰোনাৰ আতংকৰ সুযোগ গ্রহণ কৰি ১০–২০ টকীয়া মাস্ক ১৫০ টকাৰ পৰা ২৫০ টকালৈ বিক্রী কৰা পৰিলক্ষিত হৈছে৷ একেদৰে বজাৰত মাস্কৰ কৃত্রিম নাটনি দেখুৱাই মহানগৰীৰ একাংশ ফার্মাচীত ‘এন–৯৫’ মাস্ক ২৫০ৰ পৰা ৩৫০ টকা পর্যন্ত দামত বিক্রী কৰিছে৷ বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত থকা একাংশ (ব্যক্তিগত) ফার্মাচীত এন–৯৫ মাস্কৰ ক’লা বজাৰ গঢ়ি উঠিছে৷ ইপিনে, ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু মাস্ক ব্যৱহাৰ সম্পর্কে জি এম চি এইচৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে মতামত ব্যক্ত কৰি কয় যে কেৱল ক’ৰোনা নহয়, সকলো ভাইৰাছজনিত ৰোগ আৰু অন্যান্য সংক্রমিত ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ স্বাস্থ্যসন্মত মাস্ক ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্যে কেৱল মাস্ক পৰিধান কৰিলেই নহ’ব, ইয়াৰ সমান্তৰালকৈ জনসাধাৰণে অন্যান্য সতর্কতা অৱলম্বনৰো প্রয়োজন৷ তদুপৰি উৰাবাতৰিত ভোল নগৈ সতর্কতা অৱলম্বন কৰিবলৈ জি এম চি এইচৰ অধ্যক্ষগৰাকীয়ে আহ্বান জনাইছে৷ বিশেষকৈ সঘনাই হাত ধোৱা, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰা, অস্বাভাৱিক জ্বৰ–কাহ আৰু চর্দি হ’লে চিকিৎসকৰ পৰামর্শ লোৱাৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনাইছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ লক্ষণ প্রত্যক্ষ কৰিলে নিজকে লুকুৱাই নাৰাখি এই ৰোগ যাতে আন কাৰোবালৈ বিয়পিব নোৱাৰে তাৰ বাবে সতর্কতা অৱলম্বন কৰাৰ লগতে শীঘ্রে চিকিৎসকৰ পৰামর্শ ল’বলৈ তেওঁ আহ্বান জনাইছে৷ অৱশ্যে সাধাৰণ জ্বৰ–কাহৰ বাবে হাস্পতাললৈ নগৈ ১০৪ অথবা প্রশাসনৰ হেল্প লাইন নম্বৰত যোগাযোগ কৰিলে বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰিব বুলি ডাঃ ৰমেন তালুকদাৰে জানিবলৈ দিছে৷

You might also like