নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ২৭খন ট্রাক–ডাম্পাৰ জব্দ

পথকৰ আদায় নিদিয়া যান–বাহনৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বার্তা, ১৭ মার্চঃ পৰিবহণ বিভাগৰ নীতি–নিয়ম উলংঘাৰে মহানগৰীৰ ৰাজপথত চলি আছে শ শ ট্রাক–ডাম্পাৰ ৷ নিশাৰ মহানগৰীত যান–বাহন আৰক্ষী তথা পৰিবহণ বিভাগৰ নির্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই একাংশ ট্রাক–ডাম্পাৰে অবৈধভাৱে শিল–বালি আৰু অন্যান্য বনজ সম্পদ কঢ়িয়াই আহিছে ৷ মহানগৰীৰ ৰাজপথত নিশা হিচাপতকৈ অধিক বোজা কঢ়িয়াই চলাচল কৰা তীব্রবেগী ট্রাক–ডাম্পাৰসমূহৰ অতপালি ৰোধৰ বাবে পৰিবহণ বিভাগ তথা যান–বাহন আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে যদিও একাংশ যান–বাহন শাখাৰ আৰক্ষী বিষয়াক মেনেজ কৰি মহানগৰীত অবৈধভাৱে এনে ট্রাক–ডাম্পাৰ চলি আছে ৷ কেৱল শিল–বালি আৰু ৰঙা মাটি কঢ়িওৱাই নহয়, পথকৰ আদায় নিদিয়াকৈ মহানগৰীত চলি আছে শ শ ট্রাক–ডাম্পাৰ ৷ দেওবাৰে নিশা প্রায় ৯ বজাৰ পৰা সোমবাৰে পুৱতি নিশা ৪মান বজালৈ গুৱাহাটী মহানগৰীৰ জি এছ ৰোড আৰু ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন প্রান্তত চলোৱা হয় অভিযান ৷ পৰিবহণ বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (প্রৱর্তক পঞ্জীয়ক আৰু অনুজ্ঞা) অৰুণ কুমাৰ বৰাৰ নেতৃত্বত যান–বাহন পৰিদর্শকত্রয় কানাই মহন্ত, বলেন পাঠক আৰু দুর্গা গগৈয়ে মহানগৰ আৰক্ষীৰ এটি দলৰ সহযোগত দেওবাৰে নিশা ৯ বজাৰ পৰা সোমবাৰে পুৱতি নিশালৈ জি এছ ৰোড আৰু জালুকবাৰীৰ পৰা খানাপাৰা সংযোগী ৩৭নং ৰাষ্ট্রীয় ঘাইপথত এক অভিযান চলাইছিল৷ অভিযান কালত পথকৰকে ধৰি পৰিবহণ বিভাগক ৰাজহ ফাঁকি দি পথত অবৈধভাৱে চলি থকা ২৭খন বিভিন্ন শ্রেণীৰ ট্রাক আৰু ডাম্পাৰ জব্দ কৰে অভিযানকাৰী দলটোৱে৷ সম্প্রতি জব্দকৃত ডাম্পাৰ–ট্রাকসমূহ বেতকুছিস্থিত আই এছ বি টি চৌহদত ৰখা হৈছে৷ ইফালে, জিলা পৰিবহণ বিষয়া অৰুণ কুমাৰ বৰাই জিলাখনত পঞ্জীয়নভুক্ত সকলো যান–বাহনৰ গৰাকীকে অহা ৩১ মার্চৰ পূর্বে পথকৰকে ধৰি পৰিবহণ বিভাগৰ যাৱতীয় কৰ আদায় দিবলৈ আহ্বান জনাইছে ৷

You might also like