নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ চিটী বাছত ৰখা হৈছে ৰেজিষ্টাৰ, মাস্ক বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ৫ মেঃ সোমবাৰৰ পৰা মহানগৰীত চলিছে চিটীবাছ। ৫০ শতাংশ যাত্ৰীৰে আৰম্ভ হৈছে বাছ সেৱা। বাছ আস্থানত সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে প্ৰশাসনে। আনহাতে বাছসমূহত ৰখা হৈছে ৰেজিষ্টাৰ, যাত্ৰীসকলৰ নাম ঠিকনাসহ ফোন নম্বৰ লিখিবলৈও  যাত্ৰীসকলক আহ্বান জনাইছে।

অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ বাছসমূহৰ লগতে কিছু সংখ্যক ব্যক্তিগত চিটীবাছ চলিছে মহানগৰীত। এখন বাছত প্ৰায় ১৬-১৭জনকৈ যাত্ৰী নিজৰ গন্তব্য স্থানলৈ বুলি ৰাওনা হৈছে। আনহাতে বাছসমূহত কোনো যাত্ৰী থিয় হৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

You might also like