নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰাবাটত ১.৫ কোটিৰ গাঞ্জাসহ গ্রেপ্তাৰ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রই ন ন কৌশলেৰে গুৱাহাটীৰ মাজেৰে ড্রাগ্ছৰ সৰবৰাহ অব্যাহত ৰাখিছে৷ গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহত উগ্রপন্থী সংগঠন জড়িত থকাৰ তথ্য লাভ কৰি এনচিবিৰ বিষয়াই মহানগৰ আৰক্ষী আয়ুক্তৰে আলোচনাত মিলিত হোৱাৰ সময়তে যোৰাবাটত বৃহৎ পৰিমাণৰ গাঞ্জা মহানগৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে বিয়লি ৫.৩০ বজাত যোৰাবাটত অভিযান চলাই এ এছ–১৯ চি–৫৫৩৪ নম্বৰৰ ট্রাকখনৰ পৰা ৫০ পেকেট গাঞ্জা জব্দ কৰে৷ জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ১.৫ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

আৰক্ষীয়ে ট্রাকখনৰ চালক হাফিজুৰ মণ্ডলক গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত সৰবৰাহকাৰী হাফিজুৰে গাঞ্জাখিনি উত্তৰ ত্রিপুৰাৰ মনো বজাৰৰ পৰা বৰপেটাৰ হাউলীলৈ নিয়াৰ কথা আছিল বুলি স্বীকাৰ কৰিছে৷ খালী বীয়েৰৰ বটলৰ তলত কৌশলেৰে গাঞ্জাখিনি কঢ়িয়াই আনিছিল৷ আৰক্ষীৰ জেৰাত ড্রাগ্ছ সৰবৰাহৰ বহু ভয়াৱহ তথ্য ধৃত হাফিজুৰে স্বীকাৰ কৰিছে যদিও তদন্তৰ খাতিৰত আৰক্ষীয়ে সেই তথ্য সদৰী কৰা নাই৷ গাঞ্জাকে ধৰি ড্রাগ্ছজাতীয় সামগ্রী সৰবৰাহৰ লগত কোন কোন জড়িত, সেয়া শীঘ্রে আৰক্ষীৰ তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like