নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন উলংঘাৰে ম’বাইলৰ দোকানত মাছ–মাংস বিক্রীঃ ছেমছাং স্মার্ট প্লাজা ছীল

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ন’ভেল ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ মাজতেই একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধভাৱে গুৱাহাটী মহানগৰীত অত্যাৱশ্যকীয় সামগ্রী তথা মাছ–মাংস বিক্রী কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ বিভিন্ন প্রান্তত অসাধু ব্যৱসায়ীয়ে চোৰাংভাৱে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা কঢ়িয়াই অনা মাছ–মাংস আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রী লকডাউনৰ নীতি উলংঘাৰে বিক্রী কৰি মহানগৰবাসীলৈ অশনি সংকেত কঢ়িয়াইছে ৷ আৰক্ষী প্রশাসনৰ নির্দেশনাক ভেঙুচালি কৰি দিছপুৰৰ ৰাজধানী মছজিদৰ সমীপৰ ছেমছাং স্মার্ট প্লাজা নামৰ বিপণীখনত অবৈধভাৱে মাছ–মাংস বিক্রী কৰাৰ অভিযোগত সোমবাৰে গুৱাহাটী পৌৰ নিগমে বিপণীখন অনির্দিষ্টকাললৈ ছীল কৰে ৷ উল্লেখ্য যে উক্ত বিপণীখনত অবৈধভাৱে মাছ–মাংস বিক্রী কৰি পৰিৱেশ বিনষ্ট কৰাৰ লগতে লকডাউন উলংঘা কৰাত স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত পৌৰপতি দেৱজ্যোতি হাজৰিকাসহ জিএমচিৰ এটা দলে উপস্থিত হৈ আৰক্ষীৰ সহযোগত দোকানখনত অভিযান চলায়৷ অভিযানকালত দলটোৱে দোকানখনৰ পৰা বুজন পৰিমাণৰ মাছ–মাংস আৰু অত্যাৱশ্যকীয় সামগ্রী উদ্ধাৰ কৰে৷ অৱশ্যে এই সন্দর্ভত আৰক্ষী তথা পৌৰ নিগমৰ দলটোৱে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

You might also like