নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মতি অবিহনে বলপূর্বক শ্মশান ব্যৱহাৰৰ অভিযোগঃ ক’ৰোনাত মৃতকৰ সৎকাৰক লৈ উলুবাৰীত উত্তেজনা

নিয়মীয়া বাৰ্তা, ২০ মেঃ মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক সাবটি লোৱা গোপীন্দ্র মালাকাৰ নামৰ ব্যক্তিজনৰ অন্ত্যেষ্টিক্রিয়া মহানগৰীৰ উলুবাৰী শ্মশানত কৰাক কেন্দ্র কৰি প্রতিক্রিয়া সৃষ্টি হৈছে৷ সংশ্লিষ্ট উলুবাৰী শ্মশান কমিটীৰ অনুমতি নোলোৱাকৈ জোৰ–জবৰদস্তিকৈ তেওঁৰ মৃতদেহ সৎকাৰ কৰা বুলি প্রশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ সমান্তৰালভাৱে কালি নিশা মালাকাৰৰ মৃতদেহ সৎকাৰৰ পিছত স্থানীয় অঞ্চলটোত আতংকৰো সৃষ্টি হৈছে৷

উলুবাৰী শ্মশান কমিটীৰ সভাপতি সঞ্জীৱ ডেকাই এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে আপত্তি কৰা সত্ত্বেও উপায়ুক্তৰ নির্দেশনা বুলি জোৰ–জবৰদস্তিৰে মৃতদেহ শ্মশানত জিলা প্রশাসনে সৎকাৰ কৰে৷ এই সন্দর্ভত সংশ্লিষ্ট অতিৰিক্ত উপায়ুক্ত আৰু চক্র বিষয়াৰ সৈতে তেওঁ কথাও পাতিছিল বুলি উল্লেখ কৰি কয়– ‘প্রথমতে এই সন্দর্ভত আমাক অৱগত কৰাৰ পিছতে সৎকাৰ কৰিবলৈ মানা কৰিছিলোঁ৷ কিয়নো উলুবাৰী শ্মশানৰ সমীপতে বহুসংখ্যক লোকে বাস কৰে৷ শ্মশানৰ ওচৰত আছে কেইবাখনো স্কুল, চৰকাৰী কার্যালয়৷ যাৰ বাবে ক’ৰোনাত আক্রান্ত ৰোগীৰ সৎকাৰৰ ফলত এই অঞ্চলটো সংক্রমণ হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ সেয়েহে আমি জিলা প্রশাসনক বশিষ্ঠৰ সমীপত থকা চৰকাৰী ভূমিত তেওঁৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিবলৈ পৰামর্শ দিছিল৷ বশিষ্ঠৰ সমীপৰ এই ভূমিৰ ওচৰত বাস কৰা লোকৰ সংখ্যাও যথেষ্ট কম আৰু সেইফালে মানুহৰ আহ–যাহ নাই৷ সেয়েহে তেনে অঞ্চলত মৃতদেহ সৎকাৰ কৰাটো যথেষ্ট সুৰক্ষিত৷’

ইপিনে, বৃহত্তৰ উলুবাৰী, ৰিহাবাৰী, কছাৰীবস্তি, ৰূপনগৰ, ভঙাগড় আদি অঞ্চলৰ লোকৰ মৃত্যু হ’লে এই শ্মশানত সৎকাৰ কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে মহানগৰীত উলুবাৰী, ভূতনাথ আৰু নৱগ্রহ শ্মশান আছে৷ এই তিনিওখন শ্মশানেই মহানগৰীৰ ব্যস্ত অঞ্চলসমূহৰ মাজত অৱস্থিত৷ ইয়াৰ সমীপত যথেষ্ট লোকে বাস কৰে আৰু বজাৰ–সমাৰো আছে৷ সেয়েহে এই শ্মশানত ক’ৰোনাত আক্রান্ত ৰোগীৰ মৃত্যু হ’লে আন লোকলৈ সংক্রমণৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি ডেকাই এই বুলিও কয়– ‘উলুবাৰী শ্মশানত ক’ৰোনাত মৃত্যু হোৱা ৰোগীৰ সৎকাৰ কৰিলে আমাক আগতীয়াকৈ জনাব লাগিছিল৷ তেনেহ’লে এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে দিয়া নির্দেশনা অনুসৰি ব্যৱস্থা কৰিলোঁহেঁতেন৷ পি পি ই কিটকে ধৰি বিভিন্ন সামগ্রীৰ এইক্ষেত্রত প্রয়োজন আছে৷ কিন্তু আমাক জনোৱা হোৱা নাছিল৷ মৃতদেহ সৎকাৰৰ পিছত ৰৈ যোৱা অৱশিষ্ট ভৰলু নদীত পেলাই দিছিল৷ যাৰ বাবে ইয়াৰ পানীৰ পৰা সংক্রমণ হোৱাৰ আশংকা আছে৷ শ্মশানৰ ভিতৰতে ব্যৱহূত পি পি ই কিটো এৰি গৈছে৷ মৃতদেহ সৎকাৰৰ পিছত এই অঞ্চলটোৰ সুৰক্ষাৰ বাবে ছেনিটাইজ কৰিব লাগিছিল৷ কিন্তু কোনোধৰণৰ ছেনিটাইজ কৰাৰ ব্যৱস্থা নকৰাত স্থানীয় ৰাইজে অসন্তুষ্টি প্রকাশ কৰিছে৷’

উল্লেখ্য যে গোপীন্দ্র মালাকাৰ নামৰ ব্যক্তিজনৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হৈছিল৷ কর্কট ৰোগত আক্রান্ত এই ব্যক্তিজন মুম্বাইৰ পৰা অহাৰ পিছত ক’ৰোনাত আক্রান্ত বুলি ছোৱাবৰ নমুনাৰ পৰীক্ষাত ধৰা পৰিছিল৷

You might also like