সাংবাদিকক ছেনিটাইজাৰ প্ৰদান আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা কিছু হ’লেও হাত সাৰি থাকিবৰ বাবে জালুকবাৰী-মালিগাঁও অঞ্চলৰ সাংবাদিকৰ মাজত বুধবাৰে ছেনিটাইজাৰ বিতৰণ কৰে আৰক্ষীয়ে। আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ এচিপি জয়ন্ত কুমাৰ বৰুৱা আৰু জালুকবাৰী থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ে প্ৰায় ২৫ গৰাকী সাংবাদিকক ছেনিটাইজাৰ প্ৰদান কৰে। এই সন্দৰ্ভত সহকাৰী আয়ুক্ত জয়ন্ত কুমাৰ বৰুৱাই কয় যে সাংবাদিকসকল হ’ল
সমাজৰ জাগ্ৰত প্ৰহৰী। দিনে-নিশাই বাতৰিৰ সন্ধানত ঢপলিয়াই ফুৰে সাংবাদিকসকল। বৰ্তমান সময়ত ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰা সাংবাদিকসকলে যাতে হাতখন বীজাণুমুক্ত কৰি ৰাখিব পাৰে, তাৰ বাবে ছেনিটাইজাৰ বিতৰণ কৰা হৈছে।