নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতগাঁও হাইস্কুলত স্থাপন অস্থায়ী আৰক্ষী থানা

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ ৰাজ্যত হোৱা প্রলয়ংকৰী বানৰ সমান্তৰালকৈ মহানগৰীতো কৃত্রিম বানে হাহাকাৰ লগাইছে বিভিন্ন স্থানত৷ বিগত কেইদিনত মেঘালয়ৰ পৰা অহা ধলৰ পানীয়ে মহানগৰীৰ বিশেষকৈ সাতগাঁও, পাঞ্জাবাৰী, বাঘৰবড়ি আদি কৰি বহু অঞ্চলত কৃত্রিম বানে জলাকলা খুৱাইছে অঞ্চলবাসীক৷ কিছু পৰিমাণে পানীৰ পৰিমাণ কমিছে যদিও এতিয়াও স্বাভাৱিক হোৱা নাই অঞ্চলটোৰ জীৱন যাপন ব্যৱস্থা৷ বহু লোক এতিয়াও নিজ গৃহলৈ যাব পৰা নাই৷ ইয়াৰ উপৰি এই কৃত্রিম বানত বিশেষভাৱে সমস্যাৰ সন্মুখীন হৈছে সাতগাঁও থানা৷ থানাখন কৃত্রিম বানৰ কবলত পৰাৰ ফলত প্রশাসনীয় কাম–কাজ পৰিচালনা কৰাৰ বাবে স্থানান্তৰ কৰিবলগীয়া হৈছে অন্য স্থানলৈ৷

প্রাপ্ত তথ্য অনুসৰি, স্থানীয় ৰাইজৰ সুবিধা হোৱাকৈ আৰু প্রশাসনীয় কাম কৰাৰ সুবিধাৰ বাবে সাতগাঁও হাইস্কুললৈ স্থানান্তৰ কৰিছে সকলো কাম–কাজ৷ দ্বিতীয় ভাৰপ্রাপ্ত আৰক্ষী বিষয়া জাফিৰ হুছেইনে জানিব দিয়া মতে, তিনি দিন পূর্বেই থানা কার্যালয়ত কৃত্রিম বানৰ পানী প্রৱেশ কৰিছিল৷ দুদিন তাৰ মাজতে অতি কষ্টেৰে কাম–কাজ কৰা হয় যদিও অতি দূষিত পানীৰ মাজেৰে অহা–যোৱা কৰাত কেইবাজনো আৰক্ষী খৰ–খজুৱতিত আক্রান্ত হোৱাত উপায়ান্তৰ হৈ কালি অর্থাৎ বুধবাৰে অস্থায়ীভাৱে স্থানান্তৰ কৰা হয় থানাৰ কাম–কাজ৷ সম্প্রতি সাতগাঁও হাইস্কুলৰ এটা কোঠাৰ পৰা প্রশাসনীয় কাম–কাজ পৰিচালনা কৰিছে সাতগাঁও আৰক্ষীয়ে৷

আৰক্ষী বিষয়াগৰাকীয়ে জানিব দিয়া মতে, কৃত্রিম বানত বুৰ যোৱা থানাখন পৰিষ্কাৰ কৰি পূর্বাৱস্থালৈ ঘূৰি নহালৈকে সদ্যহতে ৰাইজৰ সেৱাত বিদ্যালয়ৰ পৰা কাম–কাজ পৰিচালিত হ’ব৷ ইফালে, পানী কমিবলৈ লৈছে যদিও সাতগাঁও থানাৰ লগতে নিকটৱর্তী অঞ্চলত এক পূতিগোন্ধময় অৱস্থাৰ সৃষ্টি হৈছে৷ যিটোৱে বিভিন্ন ৰোগৰ দ্বাৰা আক্রান্ত হোৱাৰ আশংকা কৰিছে আৰক্ষী লগতে স্থানীয় ৰাইজ৷

You might also like