৩১ মে’লৈ বন্ধ থাকিব ফেৰী সেৱা
নিয়মীয়া বাৰ্তা, ২৯ মেঃ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্রহ্মপুত্রকে ধৰি ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ ক্রমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ অহা ২–৩ দিনৰ ভিতৰত ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে বিপদসীমা অতিক্রম কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ লগতে ব্রহ্মপুত্রৰ বুকুত নাও চলাচল পৰা ৩১ মে’লৈ বন্ধৰ নির্দেশ দিছে৷ অৱশ্যে পৰৱর্তী নিদের্শনা নিদিয়া পর্যন্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগক ফেৰী তথা নাও চলাচলৰ ক্ষেত্রত নিষেধাজ্ঞা মানি চলিবলৈ জিলা প্রশাসনে নির্দেশ দিছে৷