৬ মিটাৰ প্লাষ্টিকৰ বেৰাৰে ৰোধ কৰিব আৱর্জনাৰ নিগৰিত পানী
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ ৪০ বিঘা ভূমিত প্রাকৃতিক গেছভিত্তিক প্রকল্প স্থাপনৰ বাবে যাৱতীয় কাম–কাজ আৰম্ভ কৰিছে পৌৰ নিগম আৰু এপিজিচিএল কর্তৃপক্ষই৷ চন্দ্রপুৰবাসীৰ ধাৰাবাহিক প্রতিবাদৰ পিছতো পৌৰ নিগমে আবণ্টিত ভূমিত আৱর্জনা পেলাই আহিছে৷
চন্দ্রপুৰত দল–সংগঠন, ৰাইজৰ প্রতিবাদ অব্যাহত থকাৰ সময়তে তাপবিদ্যুৎ প্রকল্পৰ ভূমিত গোটোৱা আৱর্জনাৰ পৰা ওলোৱা লেতেৰা পানী যাতে নামনিত পৰিব নোৱাৰে, তাৰ পৰিকল্পনাৰে নক্সা প্রস্তুত কৰিছে পৌৰ নিগমৰ অভিযন্তাই৷ চন্দ্রপুৰত ২৫০ মেগাৱাট প্রাকৃতিক গেছ ভিত্তিক প্রকল্পৰ বাবে গোটোৱা আৱর্জনাৰ পৰা ওলোৱা লেতেৰা পানী প্রায় দুশ মিটাৰ দূৰত্বত থকা ডিগাৰু আৰু কলঙত যাতে পৰিব নোৱাৰে, তাৰ নক্সা প্রস্তুত কৰিছে পৌৰ নিগমৰ অভিযন্তাই৷
পৌৰ নিগমৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি প্রাকৃতিক গেছ উৎপাদন প্রকল্পৰ স্থানত ৬ মিটাৰ দীঘল প্লাষ্টিকৰ ৱালেৰে বিজ্ঞানসন্মতভাৱে বেৰা হ’ব৷ যাতে আৱর্জনাৰ পৰা ওলোৱা লেতেৰা পানী নামনি অংশলৈ যাব নোৱাৰে, তাৰ বাবে মাটিৰ তলত ৬ মিটাৰ দীঘল প্লাষ্টিকৰ ৱালৰ বেৰাৰ ব্যৱস্থা কৰা হৈছে৷
চন্দ্রপুৰবাসীৰ ধাৰাবাহিক প্রতিবাদৰ মাজতে পৌৰ নিগমৰ অভিযন্তাই প্রাকৃতিক গেছ প্রকল্পৰ পৰা প্রদূষণ ৰোধৰ বাবে নক্সা প্রস্তুত কৰিছে৷ ইফালে এপিজিচিএল কর্তৃপক্ষই ২৫০ মেগাৱাট প্রাকৃতিক গেছ প্রকল্পৰ বিশদ প্রকল্প প্রতিবেদন এতিয়াও ৰাজহুৱা কৰা নাই৷ এপিজিচিএল কর্তৃপক্ষই মেছার্ছ টাটা কনছালটিং ইঞ্জিনীয়ার্ছ লিমিটেডক ডিপিআৰ প্রস্তুতৰ দায়িত্ব অর্পণ কৰিছিল৷ কিন্তু আজিলৈকে এই প্রকল্প প্রতিবেদন ৰাজহুৱা কৰা নাই এপিজিচিএল কর্তৃপক্ষই৷