নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫ লডাউন উলংঘাকাৰীক গ্ৰেপ্তাৰঃ দুহাজাৰ বাহন জব্দ

মহানগৰ আৰক্ষীয়ে ড্ৰোন কেমেৰাৰে নিৰীক্ষণ কৰিছে পৰিস্থিতি

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ বিশ্বজুৰি মহামাৰী ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে। একাংশ লোকে লকডাউন উলংঘা কৰি অনাহকত ৰাজপথলৈ ওলাই জনসমাগম সৃষ্টি কৰি আহিছে। গুৱাহাটী মহানগৰীত লকডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীয়ে লকডাউনৰ সময়ছোৱাত ড্ৰোন কেমেৰাৰ জৰিয়তে পৰিস্থিতি নিৰীক্ষণ কৰিছে। লকডাউন উলংঘাকাৰীক মহানগৰ আৰক্ষীয়ে বিভিন্ন স্থানত আঁঠু কঢ়াই, কাণত ধৰাই শাস্তি বিহা কৰা পৰিলক্ষিত হৈছে। মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই জানিবলৈ দিয়া মতে লকডাউন উলংঘা কৰাৰ অপৰাধত এতিয়ালৈকে ৭৫জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২০০০ খন বাহন জব্দ কৰিছে আৰক্ষীয়ে। ৰাজ্যত ২৬ জন লোকৰ দেহত ক’ভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ ভিতৰত মনীষ তিব্ৰেৱাল নামৰ গুৱাহাটী মহানগৰীত এজন লোকে আছে। গুৱাহাটীত এজন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মহানগৰ আৰক্ষীয়ে লকডাউন উলংঘা কৰা লোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। লগতে অনাহকত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ মহানগৰবাসীক আহ্বান জনাইছে আৰক্ষী আয়ুক্তগৰাকীয়ে।

You might also like