ৰঙামাটিৰ ব্যৱসায়ক লৈ বোন্দাত ছিণ্ডিকেটৰাজ
চপাইদাঙত ব্যৱসায়ীৰ পৰা ৫০০–১৫০০লৈ ধন সংগ্রহ বন বিষয়া–আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ পাহাৰৰ ৰঙামাটি খনন কৰাৰ ক্ষেত্রত প্রশাসনৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো মহানগৰীৰ গাতে লাগি থকা বোন্দাৰ বিভিন্ন প্রান্তত ব্যাপক হাৰত চলিছে ৰঙামাটিৰ ৰমৰমীয়া ব্যৱসায় তথা ছিণ্ডিকেট৷ প্রাপ্ত তথ্য অনুসৰি বন বিভাগ আৰু স্থানীয় আৰক্ষীৰ ছত্রছায়াত দিনৰ ভাগতে মুকলিকৈ অঞ্চলটোত ৰঙামাটিৰ মুকলি বেহা চলিছে৷ উল্লেখ্য যে ৰঙামাটি খনন আৰু কঢ়িওৱাৰ ক্ষেত্রত সমগ্র কামৰূপ মহানগৰ জিলাত পূর্বৰে পৰা জাৰি আছে কঠোৰ নিষেধাজ্ঞা৷ ১৪৪ ধাৰা থকাৰ পিছতো বোন্দাৰ চপাইদাং অঞ্চলৰ একাধিক স্থানত বিগত কিছুদিনৰ পৰা ব্যাপক হাৰত অব্যাহত আছে খনন কার্য৷ প্রত্যক্ষ কৰা মতে কেৱল খনন কৰাই নহয় ট্রাক আৰু পিক–আপ ভানৰ সহায়ত সেই অঞ্চলত থকা ইটাভাতা আৰু আন আন স্থানলৈ বিক্রী কৰিছে একাংশ ব্যৱসায়ীয়ে৷ উল্লেখ্য যে কেৱল দিনৰ ভাগতে নহয়, স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়া মতে নিশাৰ ভাগতো সমান্তৰালভাৱে চলি থাকে ৰঙামাটি খনন আৰু ৰমৰমীয়া ব্যৱসায়৷ নিশাৰ ভাগত জেচিবি–ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি হোৱাৰ বিপৰীতে দিনৰ ভাগত চলে পিক–আপ ভান আৰু মিনি ট্রাকৰ অতপালি৷ মন কৰিবলগীয়া কথাটো হ’ল যে ৰঙামাটিৰ ক্ষেত্রত কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো দিনে–নিশাই অবাধ গতিত এই ব্যৱসায় চলি থকাৰ প্রতি লক্ষ্য কৰি এই ব্যৱসায়ৰ লগত এক বৃহৎ ছিণ্ডিকেটৰাজ চলি থকাৰ বিষয়ে জানিব পৰা গৈছে৷ নির্ভৰযোগ্য সূত্রৰ তথ্যমতে স্থানীয় আৰক্ষী আৰু নাৰেংগী খণ্ড বন কার্যালয়ৰ বিষয়া–কর্মচাৰীৰ ব্যৱসায়ীৰে হোৱা গোপন বুজাবুজিৰে চলি আছে এই ছিণ্ডিকেটৰাজ৷ তথ্য অনুসৰি বন বিভাগ আৰু স্থানীয় আৰক্ষীয়ে প্রতিখন পিক–আপ ভান আৰু ট্রাক–ডাম্পাৰৰ পৰা পৃথকে পৃথকে পাঁচশৰ পৰা ১৫শ টকাকৈ সংগ্রহ কৰে প্রতিমাহত৷ ইয়াৰ উপৰি ইটাভাতাৰ স্বত্বাধিকাৰীসকলে আদায় দিয়ে কেইবাহাজাৰকৈ টকা৷ এই ধনৰ অংশ আনকি সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়ালৈ যায়৷ যাৰ ফলত প্রশাসনীয় বাধা থকাৰ পিছতো অঞ্চলটোত চলি আছে ৰঙামাটিৰ মুকলি খনন আৰু ব্যৱসায়৷ দিনে–নিশাই এনেদৰে ৰঙামাটিৰ গাড়ী চলি থকাৰ ফলত বোন্দা–চপাইদাং ঘাই পথটো জৰাজীর্ণ হৈ পৰাৰ উপৰি সম্প্রতি ধূলিৰে ধূসৰিত হৈ থাকে সমগ্র অঞ্চলটো৷