নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ অহা ১৭ ছেপ্টেম্বৰত হ’ লগা মেগা টিকাকৰণ অভিযানত কামৰূপ মেট্ৰ’ জিলাত অতি কমেও ৬০,০০০ পালি টিকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্রশাসনে৷ এই লক্ষ্যত উপনীত হোৱাৰ বাবে টিকাকৰণ কেন্দ্রৰ সংখ্যা দ্ধি কৰাৰ নির্দেশ দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জন্মদিন উপলক্ষে অহা ১৭ ছেপ্টম্বৰত দেশজুৰি আয়োজন কৰা হৈছে মেগা টিকাকৰণ অভিযানৰ৷ এই অভিযানৰ প্রস্তুতিৰ বুজ লোৱাৰ বাবে সোমবাৰে বিয়লি উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত হয় গুৰুত্বপূর্ণ বৈঠক৷ স্বাস্থ্য বিভাগ আৰু এন জি অ’সমূহৰে হোৱা এই বৈঠকত টিকাকৰণ অভিযানত এন জি অ’সমূহক অধিক সক্রিয়ভাৱে জডিত হ’লৈ আহ্বান জনায় উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷
যোৱা ২১ জুনত অংশ লোৱা কেন্দ্রসমূহ পুনৰ সক্রিয় কৰাৰ লগতে অতিৰিক্ত কেন্দ্র সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে জিলা প্রশাসনে৷ নিয়মীয়া সূচীৰ পৰিৱর্তে সেইদিনা পুৱা ৮ জাৰ পৰা সন্ধ্যা ৫ জালৈ টিকাকৰণ কৰাৰ নির্দেশ দিয়ে উপায়ুক্তই৷ লগতে কেতেবাৰ নিৰ্বাচিত এন জি অ’ত ২৭×৭ টিকাকৰণৰো নির্দেশ দিয়া হয়৷ লগতে এই অভিযানৰ বিষয়ে ৰাইজৰ মাজত বহুল প্রচাৰৰ বাবে যথোপযুক্ত ৱস্থা ল’লৈ স্বাস্থ্য বিভাগক নির্দেশ দিছে উপায়ুক্তই৷ আজিৰ বৈঠকখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰয়চৌধুৰীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ মহানগৰৰ প্রায় ১১.৬৪ শতাংশ লোকে প্রথম পালি ভেকচিন লাভ কৰাৰ বিপৰীতে ৫.১৩ লাখ লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে৷