নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ নীলাচলৰ কামাখ্যাধাম ন–ৰূপত সজাই তোলাৰ বাবে দেশৰ বৃহৎ উদ্যোগপতি মুকেশ আম্বানিয়ে ১৮–২০ কিলোগ্রাম সোণ আগবঢ়াইছে৷ কামাখ্যা মন্দিৰৰ মূল সৌধৰ ওপৰত আম্বানিয়ে তিনিটা সোণৰ কলহেৰে ন–ৰূপত সজাই তোলাৰ প্রয়াস কৰাৰ পিছতেই মন্দিৰ পৰিচালনা সমিতিৰ পৰামর্শ অনুসৰি ইতিমধ্যে নির্মাণৰ কাম পূর্ণগতিত আৰম্ভ হৈছে৷ কামাখ্যাধামৰ এক সূত্রই জনোৱা মতে, লকডাউনৰ সময়ছোৱাত আম্বানিয়ে কামাখ্যাধাম ন–ৰূপত সজাই তুলিবলৈ ইচ্ছা প্রকাশ কৰি পৰিচালনা সমিতিলৈ পত্র প্রেৰণ কৰে৷ পৰৱর্তী সময়ত মন্দিৰ পৰিচালনা সমিতিয়ে আলোচনাৰ অন্তত উদ্যোগপতিগৰাকীক অনুমতি প্রদান কৰে৷ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত ৰিলায়েঞ্চ জুৱেলছ কর্তৃপক্ষই ইতিমধ্যে মন্দিৰৰ মূল চূড়াৰ ওপৰত তিনিটাকৈ সোণৰ কলহ স্থাপনৰ কাম আৰম্ভ কৰিছে৷ বিশেষকৈ যোৱা দুর্গাপূজাৰ নৱমীৰ পৰাই সোণৰ কলহ স্থাপনৰ কাম আৰম্ভ কৰা বুলি মন্দিৰ পৰিচালনা সমিতিৰ এক সূত্রই জানিবলৈ দিছে৷ কিছুদিন পিছতেই নির্মাণৰ কাম সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে পূর্বে বহিঃৰাজ্যৰ এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ীয়ে চূড়াৰ ওপৰত থকা সৰু তিনিটা সোণেৰে প্লেটিন কৰা কলহ প্রদান কৰিছিল৷