গুৱাহাটীৰ তিনি ৱার্ডৰ কণ্টেইনমেণ্ট জ’ন প্রত্যাহাৰ
নিয়মীয়া বাৰ্তা ১৭ মেঃ ক’ৰোনাৰ দ্বিতীয় ঢৌত গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাত মহানগৰ জিলা প্রশাসনে ৮, ১৬ আৰু ২৮নং ৱার্ডক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল৷ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পাছতে ৱার্ডকেইটাত ক’ভিড সংক্রমণৰ হাৰ হ্রাস পোৱা পৰিলক্ষিত হয়৷ সেয়েহে দেওবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই আনুষ্ঠানিকভাৱে ৮, ১৬ আৰু ২৮ নং ৱার্ডৰ পৰা কণ্টেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰে৷
দেওবাৰে উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰি আজি পুৱা ৫ বজাৰ পৰা কণ্টেইনমেণ্ট জ’নৰ নির্দেশনা কার্যকৰি হ’ব বুলি ঘোষণা কৰে৷ সংবাদ মেলত উপায়ুক্ত পেগুৱে গুৱাহাটী মহানগৰীত ক’ভিডত আক্রান্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্রকাশ কৰে৷ ক’ভিড পৰীক্ষা কৰাত বিলম্ব কৰাৰ বাবেই গুৱাহাটীত ক’ভিডত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা বুলি উপায়ুক্ত পেগুৱে মন্তব্য কৰে৷ লগতে কোনো লোকৰ স্বাস্থ্য বেয়া লাগিলেই ক’ভিড টেষ্ট কৰিবলৈ আহ্বান জনায়৷ যাতে ক’ভিডত আক্রান্ত লোকে সঠিক সময়ত চিকিৎসা লাভ কৰিব পাৰে৷
গুৱাহাটী মহানগৰীত দেওবাৰলৈকে ৫৭৩গৰাকী লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ গুৱাহাটীত ক’ভিডত আক্রান্তৰ হাৰ পূর্বৰ ১৫ শতাংশৰ পৰা ১৩ শতাংশলৈ হ্রাস পাইছে বুলি মন্তব্য কৰি উপায়ুক্ত পেগুৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে মহানগৰীৰ ক’ভিড আক্রান্ত অঞ্চলসমূহ চিনাক্ত কৰি মাইক্র’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ প্রস্তুতি চলোৱাৰ কথাও জানিবলৈ দিয়ে৷
মহানগৰীৰ সাতটাকৈ অঞ্চলত মাইক্র’কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ সম্ভাৱনীয়তাৰ কথাও সংবাদ মেলত উপায়ুক্ত পেগুৱে সদৰী কৰে৷ ইয়াৰ উপৰি ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত ভূতনাথ, উলুবাৰী, ইছলামপুৰ আৰু আঠগাঁও কবৰস্থানৰ উপৰি বতাহঘুলি আৰু বশিষ্ঠ শ্মশানত সৎকাৰৰ ব্যৱস্থা কৰাৰ কথাও সংবাদ মেলত জানিবলৈ দিয়ে৷ প্রয়োজন সাপেক্ষে শ্মশানৰ সংখ্যা বৃদ্ধি কৰা হ’ব৷
ইফালে সংবাদ মেলত মহানগৰ অৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই সান্ধ্য আইনৰ সময়ছোৱাত দুই–এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ৰাইজে সান্ধ্য আইন মানি চলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ সান্ধ্য আইনৰ সময়ছোৱাত মহানগৰ আৰক্ষীয়ে ৮.২৫ লাখ টকাৰ জৰিমনা সংগ্রহ কৰাৰ লগতে ২৭৯খন বাহন জব্দ কৰে৷ ইয়াৰউপৰি প্রায় ১৯০০ নন এফআইআৰ গোচৰ ৰুজু কৰা বুলি সংবাদ মেলত আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰী কৰে৷