মহানগৰ জিলাৰ ৪ সমষ্টিত ৪৬ প্রার্থীৰ মনোনয়ন
পশ্চিম গুৱাহাটীত ১৭–দিছপুৰত ১৪–পূব গুৱাহাটীত ১০–জালুকবাৰীত ৫গৰাকী প্রার্থী
তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিলৰ অন্তিম দিনা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি কেইবাগৰাকীও হেভীৱেইট প্রার্থীয়ে আজি মনোনয়ন–পত্র দাখিল কৰে৷ হাজাৰ হাজাৰ সমর্থকক লগত লৈ জালুকবাৰী সমষ্টিৰ বিজেপি প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাই মনোনয়ন–পত্র দাখিল কৰাৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামী, পূব গুৱাহাটী সমষ্টিৰ কংগ্রেছ প্রার্থী অসীমা বৰদলৈ, দিছপুৰ সমষ্টিৰ কংগ্রেছ প্রার্থী মনজিৎ মহন্ত, অজাপৰ পূব গুৱাহাটী সমষ্টিৰ প্রার্থী অদীপ কুমাৰ ফুকন, দিছপুৰ সমষ্টিৰ প্রার্থী প্রিন্স ফাইজুল হককে ধৰি ২৯গৰাকী প্রার্থীয়ে আজি মনোনয়ন–পত্র দাখিল কৰে৷ যোৱা ১৫ মার্চৰ পৰা ১৯ মার্চলৈ পাঁচটা দিনত মহানগৰ জিলাৰ চাৰি সমষ্টিত সর্বমুঠ ৪৬গৰাকী প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে পশ্চিম গুৱাহাটী সমষ্টিত মনোনয়ন দাখিল কৰা প্রার্থীৰ সংখ্যা ১৭গৰাকী৷ দিছপুৰ সমষ্টিত সর্বমুঠ ১৪গৰাকী, পূব গুৱাহাটী সমষ্টিত ১০গৰাকী আৰু জালুকবাৰী সমষ্টিত ৫গৰাকী প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছে৷ চাৰি সমষ্টিৰ সর্বমুঠ ১১.৩৭ লাখ ভোটাৰে এই ৪৬গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷
শুকুৰবাৰে মনোনয়ন–পত্র দাখিল কৰা বিজেপি প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাই হাজাৰ হাজাৰ সমর্থকক লগত লৈ নিজৰ শক্তি প্রদর্শন কৰে৷ কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰ আৰু অসীমা বৰদলৈয়েও সমর্থকক লগত লৈ বিশাল বাইক ৰেলী আৰু শোভাযাত্রা কৰি মনোনয়ন–পত্র দাখিল কৰে৷ একেদৰে অসম জাতীয় পৰিষদৰ প্রার্থী অদীপ কুমাৰ ফুকন, ৰুণা লাইলা আৰু প্রিন্স ফাইজুল হকেও সমর্থকক লগত লৈ শক্তি প্রদর্শনেৰে মনোনয়ন–পত্র দাখিল কৰে৷ আজি লোক জনশক্তিৰ প্রার্থী মিতালী ডেকা দেৱী, ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়াৰ প্রণৱজ্যোতি দাসে মনোনয়ন–পত্র দাখিল কৰাৰ লগতে নির্দলীয় প্রার্থী বলেশ্বৰ ৰংপি, দিৱস ফুকন, ধনঞ্জয় কলিতা, কাজী নেকিব আহমেদ, বিপুল নাথ, অমিতাভ শর্মা, মহেন্দ্র চন্দ্র দাস, স্বপ্ণালী দাসকে ধৰি ২৯ গৰাকী প্রার্থীয়ে আজি মনোনয়ন দাখিল কৰে৷ মনোনয়ন–পত্র দাখিল কৰি কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰে পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজে পুৰণি চিন্তাৰ পৰিৱর্তে নতুনত্ব বিচাৰিছে বুলি মন্তব্য কৰি সমষ্টিবাসীয়ে বিপুল ভোটত জয়ী কৰাব বুলি দাবী কৰে৷ একেদৰে অসীমা বৰদলৈয়েও পূব গুৱাহাটী সমষ্টিত ৰাইজে তেওঁক জয়ী কৰি মানৱ সেৱা কৰাৰ সুযোগ প্রদান কৰিব বুলি মন্তব্য কৰে৷ কাইলৈ মনোনয়ন–পত্রসমূ পৰীক্ষণ কৰা হ’ব৷ ২২ মার্চৰ ভিতৰত মনোনয়ন–পত্র প্রত্যাহাৰ কৰিব পাৰিব৷ কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিতে ৬ এপ্রিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব৷