নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰত মহানগৰ জিলাত বৃদ্ধি ১,৩৬,৫০২গৰাকী ভোটাৰ

চাৰি সমষ্টিত ১,৭০৭টা ভোটগ্রহণ কেন্দ্রq ৬৭টা জটিল ভোটকেন্দ্র চিনাক্ত

নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ  কামৰূপ মহানগৰ নির্বাচন জিলাৰ অন্তর্গত চাৰিটা সমষ্টিত বিগত ২০১৬ চনৰ বিধানসভা নির্বাচনৰ তুলনাত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১৩৬, ৫০২গৰাকীলৈ বৃদ্ধি পালে৷ নির্বাচনী জিলাৰ অন্তর্গত ৫১নং জালুকবাৰী বিধানসভা সমষ্টি, ৫২নং দিছপুৰ সমষ্টি, ৫৩নং পূব গুৱাহাটী সমষ্টি আৰু ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিৰ এইবাৰ সর্বমুঠ ভোটাৰৰ সংখ্যা ১১,৩৭,৩৭৬গৰাকী৷ ২০১৬ বর্ষৰ বিধানসভা নির্বাচনত সর্বমুঠ ভোটাৰৰ সংখ্যা আছিল১০,০০,৮৭৬গৰাকী৷ জিলাখনৰ অন্তর্গত ৫১নং জালুকবাৰী বিধানসভা সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,০২,৪০০গৰাকী৷ ইয়াৰ ভিতৰত ৯৯,৮০৪গৰাকী পুৰুষ আৰু ১,০২,৫৮৫গৰাকী মহিলা আৰু ১১গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ একেদৰে ৫২নং দিছপুৰ বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা সর্বাধিক ৪,০৬,৫৫৬গৰাকী৷ ইয়াৰ ভিতৰত ২,০২,৪২৩গৰাকী পুৰুষ, ২,০৪,১২১গৰাকী মহিলা আৰু ১২গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ ৫৩নং পূব গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৩৬,২৮৯গৰাকী৷ ইয়াৰ ভিতৰত ১,১৭, ২১৪গৰাকী পুৰুষ, ১,১৯, ০৬৪গৰাকী মহিলা ভোটাৰ আৰু ১১গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিত সর্বমুঠ ভোটাৰৰ সংখ্যা ২,৯২, ১৩১গৰাকী৷ ইয়াৰ ভিতৰত ১,৪৪,৬৪৫গৰাকী পুৰুষ, ১,৪৭, ৪৭৮গৰাকী মহিলা আৰু ৮গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷

উল্লেখ্য যে নির্বাচনী জিলাখনৰ অন্তর্গত চাৰিওটা সমষ্টিত পুৰুষ ভোটাৰৰ তুলনাত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ সমাগত বিধানসভা নির্বাচন শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি কামৰূপ মহানগৰ জিলা প্রশাসনে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে৷ নির্বাচনী জিলাখনত এইবাৰ ১,৭০৭টা ভোটগ্রহণ কেন্দ্রৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ ভিতৰত জালুকবাৰী সমষ্টিত ২৯৭টা, দিছপুৰ সমষ্টিত ৬০৭টা, পূব গুৱাহাটী সমষ্টিত ৩৫৩টা আৰু পশ্চিম গুৱাহাটীত ৪৫০টা৷ চাৰিওটা সমষ্টিত সর্বমুঠ ৬৭টা ভোটগ্রহণ কেন্দ্র জটিল ভোটগ্রহণ কেন্দ্র হিচাপে চিনাক্ত কৰা হৈছে৷ এই জটিল ভোটগ্রহণ কেন্দ্রকেইটাৰ ভিতৰত জালুকবাৰী সমষ্টিত ২৬টা, দিছপুৰ সমষ্টিত ৯টা, পূব গুৱাহাটী সমষ্টিত ২টা আৰু পশ্চিম গুৱাহাটীত ৩০টা ভোটগ্রহণ কেন্দ্র আছে৷

You might also like