২৮নং ৱার্ডঃ নির্বাচনত উচিত প্রত্যুত্তৰ দিব ভোটাৰে
আৱর্জনাৰে ভৰিছে বেলতলা–ছয়মাইল–ভ্ নলাঃ কৃত্রিম বানৰ আশংকা
নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন জিলাসমূহৰ দৰে কামৰূপ মহানগৰ জিলাতো বলিছে নির্বাচনী গৰম বতাহ৷ আসন্ন নির্বাচনত ক্ষমতা দখলৰ বাবে মহানগৰ জিলাৰ আন তিনিটা সমষ্টিৰ দৰে ৫২নং দিছপুৰ বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ প্রার্থিত্বপ্রত্যাশীসক্ ভোটাৰৰ কাষ চাপিছে৷ শক্তিশালী ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টী আৰু ভাৰতীয় জাতীয় কংগ্রেছৰ সমান্তৰালকৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ লগতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ দলসমূহেও নির্বাচনৰ প্রাক্মুহূর্তত ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ বিশেষকৈ দিছপুৰ বিধানসভা সমষ্টিত বিজেপিৰ অতুল বৰা, যুৱ নেতা জয়ন্ত কুমাৰ দাস আৰু মৃগাংক বর্মনে বিভিন্ন কৌশলেৰে ভোটাৰৰ মন জয় কৰাৰ প্রচেষ্টা চলাইছে৷ ইপিনে, কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ লগতে অন্যান্য দলৰ ৰাজনৈতিক নেতাসকলেও দিছপুৰ সমষ্টিবাসীৰ সমস্যা সমাধানৰ প্রতিশ্রুতিৰে ভোটাৰ ৰাইজৰ কাষ চাপিছে৷ মুঠতে সমষ্টিবাসীৰ সকলো সমস্যা সমাধানৰ প্রতিশ্রুতিৰ বন্যা বোৱাই নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বহু ৰাজনৈতিক নেতাই সর্বশক্তি প্রয়োগ কৰি সমষ্টিৰ চুকে–কোণে প্রাক্নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷
মূল কথা এয়ে যে এনেদৰে প্রতিটো নির্বাচনৰ সময়ত ভোটাৰ ৰাইজৰ কাষ চাপি ভুৱা প্রতিশ্রুতিৰে ছলে–বলে কৌশলে নেতাসকলে ক্ষমতা দখল কৰি উন্নয়নৰ নামত সর্বসাধাৰণক প্রতাৰণা কৰি আহিছে৷ এইবেলিও ইয়াৰ ব্যতিক্রম নহয়৷ আসন্ন নির্বাচন হ’ল প্রতিজন প্রার্থিত্বপ্রত্যাশীৰ লক্ষ্য৷ কিন্তু বাস্তৱ ক্ষেত্রত পূর্বৰ মন্ত্রী–বিধায়কসকল্ সমষ্টিবাসীৰ সমস্যা সমাধানত কিমান সফল বা প্রতিশ্রুতি ৰক্ষা কৰিব পাৰিছে, এই প্রশ্ণ এতিয়া দিছপুৰ সমষ্টিৰ ভোটাৰৰ মুখে মুখে৷ আন সমস্যাতো বাদেই, দিছপুৰ সমষ্টিত কৃত্রিম বান নিয়ন্ত্রণৰ ক্ষেত্রত নেতাসকল চূড়ান্ত ব্যর্থ হোৱা বুলি সমষ্টিটোৰ ২৮নং ৱার্ডৰ একাংশ বাসিন্দাই অভিযোগ কৰে৷ কৃত্রিম বান নিয়ন্ত্রণৰ বাবে পৌৰ নিগমৰ অধীনস্থ ২৮নং ৱার্ডৰ নলা–নর্দমা নিষ্কাশন কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে নলা–নর্দমাৰ পানীৰ বহন ক্ষমতা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু সময়ৰ গতিত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে৷ ৱার্ডৰ বেলতলা তিনিআলি, বনগাঁও, ছয়মাইল, ভেটাপাৰা আৰু হাতীগাঁও (অংশ)ৰ একাংশ নলা–নর্দমা আৱর্জনাৰে ভৰি পৰিছে৷ নির্বাচনত সমষ্টিটো কাৰ দখললৈ যাব, সেয়া নির্বাচনী ফলাফলৰ পিছত ওলাই পৰিব৷ কিন্তু সমাগত বাৰিষাত যে বৃহত্তৰ ২৮নং ৱার্ডৰ বাসিন্দাসকলে কৃত্রিম বানত কক্বকাবলগীয়া হ’ব, সেয়া নিশ্চিত বুলি বেলতলাৰ বাসিন্দা দিগন্ত বর্মনে ক্ষোভেৰে কয়৷ তেওঁ লগতে কয় যে এইবাৰ নির্বাচনত প্রতিশ্রুতি নহয়, গেৰাণ্টী দিলেহে ভোটদান কৰিব৷ অন্যথা ২৮নং ৱার্ডৰ একাংশ ভোটাৰে নির্বাচনত প্রার্থীক উচিত প্রত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে৷ একেই মন্তব্য হাতীগাঁৱৰ অজন্তা পথৰ বাসিন্দা জয়ন্ত হাজৰিকাৰো৷ তেওঁ কয় যে গুৱাহাটীবাসীৰ অন্যতম সমস্যা হৈছে কৃত্রিম বান, বাট–পথৰ দুৰৱস্থা, বিশুদ্ধ খোৱাপানী আৰু যান–জঁটৰ সমস্যা৷ সমস্যাসমূহ সমাধানৰ বাবে পূর্বেও নেতাসকলে প্রতিশ্রুতি দি আহিছে যদিও কার্যকৰী কৰা নাই৷ সেয়েহে এইবেলি ভোটাৰে নেতাক উচিত প্রত্যুত্তৰ দিব বুলি তেওঁ মন্তব্য কৰে৷