৯০ হাজাৰ মার্কিন ডলাৰসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ বৰঝাৰ বিমানবন্দৰত আজি ৯০ হাজাৰ আমেৰিকান ডলাৰসহ এজন যুৱকক গ্রেপ্তাৰ কৰে৷ বিমানবন্দৰত নিৰাপত্তাত দায়িত্বত থকা কেন্দ্রীয় উদ্যোগী নিৰাপত্তা বাহিনী চমুকৈ চি আই এছ এফৰ নিয়মীয়া তালাচীত আৰবাজুদ্দিন নামৰ যুৱকজনৰ পৰা ৯০ হাজাৰ মার্কিন ডলাৰ জব্দ কৰে৷ জব্দকৃত মার্কিন ডলাৰখিনি ভাৰতীয় টকাৰ মূল্য প্রায় ৬৫.৭০ লাখ টকা হ’ব বুলি চি আই এফ এছৰ শীর্ষ বিষয়াই জানিবলৈ দিছে৷ চি আই এফ এছৰ সূত্রই জানিবলৈ দিয়া মতে, বিমানবন্দৰৰ ভিতৰত প্রৱেশৰ সময়ত যাত্রীক তালাচী চলাই থকা সময়তে চি আই এফ এছৰ উপ–পৰিদর্শক এছ কে সিঙে এজন যাত্রীৰ বেগত সন্দেহজনক বস্তু লক্ষ্য কৰিছিল৷
বেগটো পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পাছতো কোনো আপত্তিজনক সামগ্রী পোৱা নাছিল৷ কিন্তু বেগটো খালী কৰাত অস্বাভাৱিকভাৱে বেগটো গধুৰ পায়৷ উচ্চপদস্থ বিষয়াক এই বিষয়ে অৱগত কৰাত উচ্চপদস্থ বিষয়া উপস্থিত হৈ বেগটোৰ তলৰ অংশ কাটি দিয়াত ৯০ হাজাৰ মার্কিন ডলাৰ লগতে এটা এক্স বি আই এছ মেচিন উদ্ধাৰ হয়৷ চি আই এফ এছৰ দলটোৱে সৰবৰাহকাৰী আৰবাজুদ্দিনক (২৫) গ্রেপ্তাৰ কৰি শুল্ক বিভাগক গতাই দিয়ে৷ ধৃত আৰবাজুদ্দিনে বৰঝাৰ বিমানবন্দৰৰ পৰা ১০.১০ মিনিটত এয়াৰ এছিয়াৰ আই–৫–৭৮৩ নম্বৰৰ বিমানখনেৰে ইম্ফললৈ যোৱাৰ কথা আছিল৷ ইফালে, চি আই এফ এছ সঞ্চালকপ্রাধন গণপতিয়ে চি আই এফ এছৰ উপ–পৰিদর্শক এছ কে সিং আৰু দিলীপ কুমাৰক এই বৃহৎ পৰিমাণৰ আমেৰিকান ডলাৰ জব্দ কৰাৰ বাবে প্রশংসা কৰাৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰে৷