সান্ধ্য আইন উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ যান–বাহন আৰক্ষীৰ অভিযানঃ ১৫ দিনত ১২ লক্ষাধিক টকাৰ জৰিমনা
নিয়মীয়া বাৰ্তা, ২১ মে: ক’ৰেনা মহামাৰীৰ গণসংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি প্রশাসনে জাৰি কৰা সান্ধ্য আইন উলংঘাকাৰীৰ বিৰুদ্ধে গুৱাহাটী মহানগৰ যানবহান আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷
মহানগৰীৰ ৰাজপথত সান্ধ্য আইন উলংঘাকাৰীৰ বিৰুদ্ধে যানবাহন আৰক্ষীয়ে অভিযান চলাই যোৱা ১৫ দিনত ১৩ লক্ষাধিক টকাৰ জৰিমণা সংগ্রহ কৰাৰ লগতে বহু যানবাহন জব্দ কৰি চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ যানবাহন আৰক্ষীৰ এক সূত্রই জানিবলৈ দিয়া মতে, আৰক্ষীয়ে যোৱা ৪ মে’ত ৩৭ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ১১৬ টা গোচৰ ৰুজু কৰাৰ উপৰিও ৫ খন বাহন জব্দ কৰে, ৫ মে’ত ২৯ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ১২২ গোচৰ ৰুজু কৰে, ৬ মে’ত ২৮ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰ বিপৰীতে ৯৩ টা গোচৰ, ৭ মে’ত ২২ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৯৩ টা গোচৰ, ৮ মে’ত ৪১ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৮৫ টা গোচৰ, ৯ মে’ত ১৮৫০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৫৩ টা গোচৰ, ১০ মে’ত ১৯ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৫১ টা গোচৰ, একেদৰে উক্ত কেইদিনত যানবাহন আইন উলংঘা কৰা ১৪ খন বাহন জব্দ কৰে৷
ইপিনে, ১১ মে’ত আৰক্ষীয়ে ৭৯ হাজাৰ টকা জৰিমনা সংগ্রহ কৰাৰৰ লগতে ১০৫ টা গোচৰ, ১২ মে’ত ৫২৫০০ টকা জৰিমনা সংগ্রহ কৰাৰ বিপৰীতে ৭৭ টা গোচৰ ৰুজু কৰে৷ যানবাহন আৰক্ষীয়ে আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে অভিযান চলাই ১৩ মে’ত ২,২০,০০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৪৩৫ টা গোচৰ ৰুজু কৰে৷
আনহাতে, ১৪ মে’ত যানবহান আৰক্ষীয়ে ১,৮৬,০০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৩৯২ টা গোচৰ, ১৫ মে’ত ১,৫৬,৫০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৩২২ টা গোচৰ, ১৬ মে’ত ১,২৬,৫০০ টকা জৰিমনা সংগ্রহ কৰি ১৯৩ টা গোচৰ ৰুজু কৰে৷ তদুপৰি ১৭ মে’ত ৯৪,৫০০ টকা জৰিমনা সংগ্রহ কৰি ২১৪টা গোচৰ ৰুজু কৰে, ১৮ মে’ত ১,১০,৫০০ টকাৰ জৰিমনা সংগ্রহ কৰি ২০০ টা গোচৰ ৰুজু কৰে আৰু ১৯ মে’ত ৭৪,০০০ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ২০৮ টা গোচৰ ৰুজু কৰে৷ উল্লেখ্য যে ১১ মে’ৰ পৰা ১৯ মে’লৈ যানবাহন আৰক্ষীয়ে মুঠ ৩৬৬খন বাহন জব্দ কৰে৷