নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰৰ হাতীশিলা–তপোবনত বনভোজ দলৰ ব্যাপক ভিৰ

নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ মহানগৰীৰ সমীপৱর্তী পানীখাইতী, ঐতিহাসিক হাতিশীলা মন্দিৰ, চন্দ্রপুৰৰ তপোবন আদি কৰি কেতবোৰ বনভোজস্থলীত ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে দেখা গ’ল বনভোজ প্রেমীৰ ভিৰ৷ কংক্রিটৰ মহানগৰীৰ পৰা আঁতৰত আহি নিজ কর্মৰ বন্ধ পায় বনভোজৰ আনন্দ ল’লে একাংশ মহানগৰবাসীয়ে৷ বনভোজ খাবলৈ কোনোবা যদি আহিছে পৰিয়ালৰ লগত আন কোনোবা আকৌ আহিছে বন্ধুৰ লগত৷ ব্রহ্মপুত্রৰ বালিচৰত সংগীতৰ তালে তালে নৃত্য কৰি বনভোজৰ আনন্দ ল’লে প্রতিজন বনভোজকাৰীয়ে৷ প্রতিটো বনভোজকাৰী দলত দেখিবলৈ পোৱা গ’ল বালিচৰত নিজ পছন্দৰ ব্যঞ্জনেৰে একেলগে এসাঁজ খোৱাৰ আনন্দ৷ প্রতিবছৰে এই অঞ্চলসমূহলৈ মহানগৰীৰ পৰা বহু সংখ্যক লোক আহে বনভোজ খাবলৈ৷

উল্লেখ্য যে বিগত বর্ষৰ ডিচেম্বৰ মাহত হোৱা ‘কা’ আন্দোলন আৰু পৰৱর্তী সময়ত হোৱা মহামাৰী ক’ৰোনাৰ বাবে এনেদৰে মুক্তভাৱে আনন্দ–উল্লাস কৰা দেখিবলৈ পোৱা নগৈছিল৷ কিন্তু সম্প্রতি ক’ৰোনাৰ প্রাদুর্ভাৱ ৰাজ্যত কিছু কমাৰ বাবে পুনৰ বনভোজৰ আনন্দ ল’বলৈ বনভোজস্থলীসমূহত্ বনভোজকাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে যদিও পূর্বৰ তুলনাত কম বাবেই এইবাৰ বনভোজস্থলীত ডিচেম্বৰৰ দেওবাৰৰ দিনটোত দেখা গ’ল বনভোজ দলৰ সেৰেঙা উপস্থিতি৷ মুঠতে ক’ৰোনাৰ ভয় আৰু শংকাৰ মাজতে ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে বনভোজৰ আনন্দ ল’লে বনভোজকাৰীয়ে৷

You might also like