অভিযুক্ত বাপী সৰকাৰক গ্রেপ্তাৰ ভৰলু আৰক্ষীৰ
গোপীনাথ নগৰত ২৮ দিনীয়া দেৱশিশুক ডিঙি ৰেপি হত্যাৰ চেষ্টা পাষাণ পিতৃৰ
নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ অন্তর্গত গোপীনাথ নগৰত এক লোমহর্ষক ঘটনা সংঘটিত হয়৷ গোপীনাথ নগৰৰ আর্য পথত বাস কৰা এজন পাষাণ পিতৃয়ে নিজৰ ২৮ দিনীয়া এটি কন্যা সন্তানক ডিঙি ৰেপি হত্যাৰ চেষ্টা চলোৱা ঘটনাক লৈ অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ আৰক্ষী সূত্রে জানিব পৰা মতে, কালি আর্য পথৰ বাসিন্দা বাপী সৰকাৰ (৪৫) নামৰ লোকজনে তেওঁৰ ২৮ দিনীয়া কন্যা সন্তানক ছুৰীৰে হানি–খুঁচি হত্যাৰ চেষ্টা চলায়৷ পিছত পত্নীয়ে চিঞৰ–বাখৰ কৰাত স্থানীয় লোকে দেৱশিশুটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দেৱশিশুটিক জিএমচিএইচলৈ প্রেৰণ কৰে৷ ডিঙি আৰু পেটত প্রায় ৪০টা চিলাই পৰা দেৱশিশুটি সম্প্রতি জিএমচিএইচৰ আইচিইউত মৃত্যুৰে যুঁজি আছে৷
ঘটনা সন্দর্ভত দেৱশিশুটিৰ মোমায়েকে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভৰলুমুখ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩২৬/৩০৭ ধাৰাত ৩৩৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি কালি অভিযুক্ত পিতৃ বাপী সৰকাৰক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে তেওঁৰ পত্নীয়ে দ্বিতীয়বাৰৰ বাবে কন্যা সন্তান জন্ম দিয়াৰ বাবে তেওঁ পত্নীক নির্যাতন চলাই আহিছে৷ তদুপৰি তেওঁ বিচৰা মতে পুত্র সন্তান জন্ম নোপোৱাত শিশুটিক প্রাণেমৰাৰ বাবে ইতিপূর্বে কেইবাবাৰো পৰিকল্পনা কৰে বুলি জানিব পৰা গৈছে৷ যি সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘বেটী বচাও বেটী পঢ়াও’ আঁচনিৰ অধীনত দেশৰ কন্যা সন্তানক সুৰক্ষা দিয়াৰ লগতে নাৰী সবলীকৰণৰ চেষ্টা চলাই আছে, সেই সময়ত মহানগৰীৰ মাজমজিয়াত এনে লোমহর্ষক ঘটনা সংঘটিত হোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সেয়েহে ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে স্থানীয় লোকে আৰক্ষী প্রশাসনক আহ্বান জনাইছে৷