সাতগাঁও থানাৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাৰ অভিযোগ
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষীয়ে অর্থৰ লালসাত সমাজবিৰোধী চক্র আৰু অভিযুক্তক ৰক্ষণাবেক্ষণ দি অহাৰ অভিযোগ প্রায়ে উত্থাপিত হৈ আহিছে৷ শেহতীয়াকৈ সাতগাঁও থানাৰ আৰক্ষীৰ বিৰুদ্ধে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি পাঞ্জাবাৰীৰ বতাহঘুলিৰ বেণীমাধৱ পেগু নামৰ লোকজনে ন্যায় বিচাৰি সাতগাঁও থানাৰ আৰক্ষীৰ কাষ চাপিছিল৷
বতাহঘুলিৰ বেণীমাধৱ পেগুক আৰক্ষীৰ সহযোগত অমৃত ঠাকুৰীয়া নামৰ লোকজনে ভয়–ভাবুকি প্রদান কৰি বেণীমাধৱৰ ঘৰৰ দেৱাল ভাঙি পথ নির্মাণ কৰে৷ বিষয়টো সন্দর্ভত ১০ আগষ্টত বেণীমাধৱ পেগুৱে ন্যায় বিচাৰি সাতগাঁও থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু সাতগাঁও থানাৰ আৰক্ষীয়ে এজাহাৰ গ্রহণ নকৰি বেণীমাধৱ পেগুক ভয়–ভাবুকি প্রদান কৰি খেদি পঠিয়ায়৷ বিষয়টো সন্দর্ভত ভুক্তভোগী লোকজনে মহানগৰ জিলা উপায়ুক্ত আৰু দিছপুৰ ৰাজহ চক্র বিষয়াকো অৱগত কৰে৷ উপায়ুক্ত আৰু ৰাজহ চক্র বিষয়াই বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ইয়াৰে সুযোগ গ্রহণ কৰি সাতগাঁও আৰক্ষীৰ সহযোগত অমৃত ঠাকুৰীয়াই বেণীমাধৱক শাৰীৰিক আৰু মানসিক নির্যাতন চলাই আহিছে৷ সমগ্র বিষয়টো সন্দর্ভত ভুক্তভোগী বেণীমাধৱে অলপতে ন্যায় বিচাৰি মুখ্যমন্ত্রীক লিখিতভাৱে অভিযোগ দাখিল কৰে৷