নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত বাৰিষাত বৰঝাৰ বিমানবন্দৰ বানত ডুব যোৱাৰ আশংকা ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটোলৈ যে এক বৃহৎ প্রত্যাহ্বান আহি পৰিব, সেয়া স্পষ্ট ৰূপত প্রকট হৈ উঠিছে৷ তদুপৰি গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্রৰ অন্তর্গত কেইবাখনো ৰাজহ গাঁও যে ব্রহ্মপুত্রৰ বাঢ়নী পানীত জলমগ্ণ হৈ পৰিব, সেয়াও স্পষ্ট হৈ উঠিছে৷ কিয়নো মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা ৰাজহ চক্রৰ অধীনৰ মাজিৰগাঁৱৰ পৰা ধাৰাপুৰলৈ থকা ব্রহ্মপুত্রৰ ৰিং বান্ধটোৰ কাম অদ্যাপি সম্পূর্ণ হৈ উঠা নাই৷ তেনেস্থলত স্থানীয় গাঁওবাসী জনসাধাৰণৰ মাজত তীব্র শংকাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে মাজিৰগাঁৱৰ পৰা ধাৰাপুৰলৈ থকা ব্রহ্মপুত্রৰ ৰিং বান্ধটো বিগত সময়ত ব্রহ্মপুত্রৰ বাঢ়নী পানীৰ কোবাল সোঁতে ঠাই বিশেষে খহাই নিয়ে৷ যাৰ ফলত উক্ত অঞ্চল বিশেষৰ ব্রহ্মপুত্রৰ ৰিং বান্ধটো পুনৰ নির্মাণ কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই৷ সেইমর্মে জলসম্পদ বিভাগে ৰিং বান্ধটোৰ পুনৰ নির্মাণৰ কাম বিগত প্রায় এমাহ পূর্বৰে পৰা আৰম্ভ কৰে৷

জানিব পৰা মতে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ অধীনত স্থানীয় যুৱকসকলে আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁৱৰ পৰা ৰঙামাটি কাটি নিজৰ ড্রাক কিম্বা ডাম্পাৰেৰে কঢ়িয়াই ৰিং বান্ধটোৰ পুনৰ নির্মাণৰ কাম কৰি আছিল যদিও হঠাতে বন বিভাগৰ সংশ্লিষ্ট উচ্চপদস্থ বিষয়াই ব্রহ্মপুত্রৰ ৰিং বান্ধটোৰ কামখিনি বন্ধ কৰি দিয়ে৷ যাৰ ফলত আগন্তুক বাৰিষাৰ সময়ত স্থানীয় ধাৰাপুৰ, মজলী, গডল, ভট্টাপাৰা, কেন্দুকুছি, আগছিয়া, মাজিৰগাঁও, কুহাবৰী, ভক্তবৰী, আমবৰী আদিকে ধৰি কেইবাখনো ৰাজহ গাঁও বানত জলমগ্ণ হৈ পৰাৰ লগতে কেইবাটাও পৰিয়াল যে গৃহহীন হৈ পৰিব, সেয়া ইতিমধ্যে প্রকট হৈ উঠিছে৷ ইয়াৰে সমান্তৰালকৈ একমাত্র আন্তর্জাতিক বিমানবন্দৰ হিচাপে পৰিগণিত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটোও যে সমাগত বাৰিষাত ব্রহ্মপুত্রৰ বাঢ়নী পানীত বুৰ যাব, সেইটো খাটাং হৈ পৰিছে৷ মন্ত্রীগৰাকীৰ নির্দেশনালৈ অংগুষ্ঠ প্রদর্শন কৰি ব্রহ্মপুত্রৰ ৰিং বান্ধটোৰ পুনৰ নির্মাণৰ কাম বন্ধ কৰা বন বিভাগৰ বিষয়াগৰাকীৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিছে মহানগৰীৰ পশ্চিম প্রান্তৰ জনসাধাৰণে৷

You might also like