অম্বুবাচীত ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়ৰ দুৱাৰ
নিয়মীয়া বাৰ্তা, ১৭জুনঃ এইবাৰ অম্বুবাচীত ভক্তৰ বাবে বন্ধ থাকিব কামাখ্য়া দেৱালয়ৰ দুৱাৰ। ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধানত দেৱালয় কৰ্তৃপক্ষৰ। ৩মাৰ্চৰ পৰা বন্ধ হৈ আছে কামাখ্যা দেৱালয়। ৩০জুনলৈ বন্ধ থাকিব দেৱালয়ৰ মুখ্য দুৱাৰ। ৩০ জুনৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব।
আনহাতে অম্বুবাচীৰ বাবে বন্ধ হৈ পৰিব মন্দিৰৰ দুৱাৰ। ২২ জুনৰ পুৱা ৭বাজি ৫৩ মিনিটত হ’ব প্ৰবৃ্ত্তি আৰু ২৫জুনৰ নিশা ৮বাজি ১৬ মিনিটত নিবৃত্তি হ’ব। সম্পূৰ্ণ ৰীতি-নীতিৰে পালন কৰা হ’ব অম্বুবাচী। কিন্তু ভক্তৰ বাবে বন্ধ থাকিব কামাখ্যাৰ দুৱাৰ।
কামাখ্য়াৰ দাঁতি কাষৰীয়া অঞ্চলটো কোনো সাধু-সন্ন্যাসী তথা ভক্তই ভিৰ কৰিব নোৱাৰিব। ক’ৰোনাৰ যাতে সামাজিক সংক্ৰমণ নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কামাখ্যালৈ অহা প্ৰতিটো পথ বন্ধ কৰি দিয়াৰো সিদ্ধান্ত। সামাজিক সংগঠনে কোনোধৰণৰ কেম্প কৰিব নোৱাৰিব। কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ সংবাদমেলত এই কথা ঘোষণা কৰে।