নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ধিয়াৰ এজাক বৰষুণতে ৰুক্মিণী নগৰৰ ঘৰে ঘৰে সোমাল পানী

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ দেওবাৰে সন্ধিয়াৰ এজাক বৰষুণতে মহানগৰীৰ বিভিন্ন প্রান্তত কৃত্রিম বানৰ সৃষ্টি হয়৷ সন্ধিয়াৰ মুষলধাৰ বৰষুণে মহানগৰীৰ বাট–পথ বুৰাই পেলোৱাত যাতায়াত বিঘ্ণিত হয়৷ বিশেষকৈ কৃত্রিম বানে মহনগৰীৰ ৰুক্মিণী নগৰৰ জনজীৱন ব্যাহত কৰি তোলে৷ দিছপুৰৰ গাতে লাগি থকা ৰুক্মিণী নগৰত পথ–উপপথত একাঁঠু পানী জমা হোৱাৰ উপৰি অঞ্চলটোৰ ঘৰে ঘৰে পানী সোমায়৷

নলাৰ পৰা বোকা–লেতেৰা পানী উটি আহি ঘৰৰ ভিতৰত প্রৱেশ কৰাত বহু সামগ্রী নষ্ট হয়৷ ৰুক্মিণী নগৰৰ বাসিন্দা ড০ সুলেখা ভট্টাচার্যই জানিবলৈ দিয়া মতে, সন্ধিয়াৰ বৰষুণজাকত অঞ্চলটোত কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰে৷ ক’ৰোনা মহামাৰীৰ সময়ছোৱাত নলাৰ পৰা উটি অহা বোকা–পানী ঘৰৰ ভিতৰত প্রৱেশ কৰাত অঞ্চলটোৰ অর্ধশতাধিক পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হয়৷ উল্লেখ্য যে অঞ্চলটোৰ কৃত্রিম বান ৰোধ কৰিবলৈ স্থানীয় লোকে জিএমচিক বাৰম্বাৰ অৱগত কৰাৰ পিছতো বিভাগীয় কর্তৃপক্ষই এইক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ নকৰাত অঞ্চলবাসীয়ে ক্ষোভ প্রকাশ কৰে৷

You might also like