নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি লাখ টকা লৈ আৰক্ষীত ভুৱা নিযুক্তি; প্রৱঞ্চক দিব্যজ্যোতিক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩০  জানুৱাৰীঃ অসম আৰক্ষীত চাকৰি দিয়াৰ প্রলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্রহ কৰা দিব্যজ্যোতি দাস নামৰ এটা প্রৱঞ্চকক মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কালি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অপৰাধ শাখাৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, দিব্যজ্যোতি দাস নামৰ প্রৱঞ্চকটোৱে লখিমপুৰৰ পেগু উপাধিৰ এজন যুৱকৰ পৰা তিনি লাখ টকা লৈ অসম আৰক্ষীৰ ভুৱা নিযুক্তি–পত্র প্রদান কৰিছিল৷ প্রৱঞ্চক দিব্যজ্যোতিয়ে ডি আই জি (প্রশাসন)ৰ জাল চহীৰে যুৱকজনক দিয়া নিযুক্তি–পত্র লৈ অসম আৰক্ষীত যোগদান কৰিবলৈ যোৱাৰ পিছতে নিযুক্তি–পত্রখন যে ভুৱা, সেই কথা পোহৰলৈ আহে৷

ভুক্তভোগী যুৱকজনে ঘটনা সন্দর্ভত অপৰাধ শাখাত অভিযোগ দাখিল কৰে৷ উক্ত অভিযোগৰ ভিত্তিত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই ২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি কালি নগাঁৱৰ ননৈ লমাটিত অভিযান চলাই প্রৱঞ্চক দিব্যজ্যোতিক গ্রেপ্তাৰ কৰে৷ আজি প্রৱঞ্চক দিব্যজ্যোতিক আদালতত হাজিৰ কৰাই অপৰাধ শাখাই চাৰি দিনৰ জিম্মাত লয়৷ অসম আৰক্ষীৰ ৯নং বেটেলিয়নৰ প্রাক্তন জোৱান দিব্যজ্যোতিৰ বিৰুদ্ধে পূর্বতেও বহুকেইটা প্রৱঞ্চনাৰ গোচৰ আছে৷

You might also like