বদ্রীপ্রসাদ–ৰাম অৱতাৰক জে’ললৈ প্রেৰণ জামিন নাকচ আদালতৰ
নিয়মীয়া বাৰ্তা ২৩ জুনঃ চোৰাং সোণ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বহু বিতর্কিত আৰক্ষী উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰোৱাৰী আৰু বিকানিৰ জুৱেলার্ছৰ স্বত্বাধিকাৰীৰ পুত্র ৰাম অৱতাৰক আজি আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ভৰলুমুখ আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত বদ্রীপ্রসাদ আৰু ৰাম অৱতাৰক প্রথমে দুদিন আৰু পাছত পাঁচদিনৰ আৰক্ষীৰ জিম্মাত লৈছিল৷ আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ইফালে বদ্রীপ্রসাদে জামিন বিচাৰি বিশেষ আদালতত আবেদন কৰিছিল৷ কিন্তু আদালতে বদ্রীপ্রসাদৰ জামিন আবেদন নাকচ কৰে৷