চন্দ্রপুৰৰ সাপ্তাহিক বজাৰ উচ্ছেদ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ লকডাউনৰ সকলো নীতি–নিয়ম ভংগ কৰি চন্দ্রপুৰৰ গোৱর্ধন বজাৰত সাপ্তাহিক বজাৰ বহুৱালে একাংশ অসাধু ব্যৱসায়ীয়ে৷ আজি ৰবিবাৰ, গতিকে সাপ্তাহিক শাক–পাচলি বজাৰলৈ ওলাই আহিল ব্যৱসায়ীৰ লগতে সর্বসাধাৰণ ৰাইজ৷ প্রাগজ্যোতিষপুৰ থানা এলেকাৰ গোৱর্ধন সাপ্তাহিক বজাৰখন লকডাউনৰ সময়ৰে পৰা বন্ধ হৈ আছিল৷ কিন্তু দেওবাৰে পুৱাৰ ভাগতে চৰ–চাপৰিৰ একাংশ ব্যৱসায়ীয়ে নাৱেৰে শাক–পাচলি আনি উপস্থিত হ’ল বজাৰখনত৷ লগে লগে বজাৰখন ভৰি পৰিল ক্রেতাৰে৷ লকডাউনৰ সামাজিক দূৰত্বক ভেঙুচালি কৰি ব্যৱসায়ীসকলে ব্যৱসায় চলোৱাৰ লগতে একাংশ অসচেতন ৰাইজে মাস্ক পৰিধান নকৰাকৈ বজাৰত বজাৰ কৰা আৰম্ভ কৰিছিল৷
বজাৰখনত অভাৱনীয় ভিৰ হোৱাৰ কথা জানিব পাৰি প্রাগজ্যোতিষপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতা বজাৰখনত উপস্থিত হৈ ব্যৱসায়ীসকলক উচ্ছেদ কৰে আৰু মাস্ক পৰিধান নকৰা লোকসকলক মাস্ক পৰিধান কৰাৰ বাবে ঘৰলৈ ওভতাই পঠিয়ায় আৰু মাস্ক পৰিধান কৰাটো কিমান জৰুৰী তাক বুজাই দিয়ে৷ ইপিনে, বজাৰলৈ শাক–পাচলি বিক্রী কৰিবলৈ অহা কৃষক ৰাইজে আজিৰ বাবে শাক–পাচলিখিনি বিক্রী কৰাৰ সুযোগ দিয়াৰ বাবে ভাৰপ্রাপ্ত আৰক্ষী বিষয়াগৰাকীক কাকূতি–মিনতি কৰে৷ কৃষক ৰাইজৰ কাকূতি–মিনতি আৰু দুৰৱস্থাৰ কথা ভাবি ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে নিজে তদাৰক কৰি প্রতিজন ব্যৱসায়ীক ঠাই নির্ধাৰণ কৰি দিয়ে আৰু ৫ৰ পৰা ১০ মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ নির্দেশ দিয়াৰ লগতে দুপৰীয়া ১২ বজাৰ আগতে ঘৰলৈ যাবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পিছত সম্পূর্ণ সামাজিক দায়বদ্ধতা পালন কৰি ব্যৱসায়ীসকলে ব্যৱসায় কৰাৰ লগতে ক্রেতাসকলে শাক–পাচলি ক্রয় কৰে৷