বেলতলাত ধন লুটৰ চেষ্টা চলোৱা যুৱকক উত্তম–মধ্যম ৰাইজৰ
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ মহানগৰীৰ বেলতলাত মঙলবাৰে দিন ডকাইতি কৰি থকাৰ মাজতেই বহিঃৰাজ্যৰ এটা ডকাইতক ৰাইজে হাতে–লোটে কৰায়ত্ত কৰি বশিষ্ঠ আৰক্ষীক গতাই দিয়ে৷ ধৃত ডকাইতটো বিহাৰৰ অৰুণ সিং (৩৪) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জনোৱা মতে আজি দুপৰীয়া বেলতলাৰ ওজা হুণ্ডাইৰ সমীপত এম জেড–০১–কে২৭৪৭ নম্বৰৰ বাহনখন ৰখাই এজন ব্যক্তিয়ে বজাৰ কৰি থকাৰ সময়তে ডকাইতটোৱে বাহনখনৰ গ্লাছ ভাঙি দুই লাখ টকাভর্তি এটা বেগ লৈ পলায়নৰ চেষ্টা কৰে৷
এই ঘটনা প্রত্যক্ষ কৰি ৰাইজে ডকাইতটোক হাতে–লোটে কৰায়ত্ত কৰি উত্তম–মধ্যম শোধাই বশিষ্ঠ আৰক্ষীক খবৰ দিয়ে৷ পাছত বশিষ্ঠ আৰক্ষীয়ে ডকাইটোক কৰায়ত্ত কৰি থানালৈ লৈ আহে৷ ঘটনা সন্দর্ভত বাহনৰ গৰাকীয়ে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ডকাইতটোক জেৰা অব্যাহত ৰাখিছে৷ অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে ব্যক্তিজনৰ পৰিচয় ৰাজহুৱা কৰা নাই৷