‘নিয়মীয়া বার্তা’ৰ বাতৰিৰ প্রভাৱঃ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ওজনত হেৰফেৰ কৰি গ্রাহকক লুণ্ঠন চলাই অহা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগে৷ ‘নিয়মীয়া বার্তা’ত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে তথ্য সহকাৰে বাতৰি প্রকাশ পোৱাৰ পাছতে মহানগৰীৰ বজাৰত ওজনত হেৰফেৰ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে বিভাগীয় বিষয়াই অভিযান আৰম্ভ কৰিছে৷ বিগত দুটা দিনত বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ বিষয়াই প্রশাসনৰ সহযোগত বামুণীমৈদাম আৰু উলুবাৰীত অভিযান চলায়৷ বামুণীমৈদাম বজাৰত ওজনত হেৰফেৰ কৰা ৮জন ব্যৱসায়ীক জৰিমনা বিহে৷
অভিযানকাৰী দলটোৱে উলুবাৰী বজাৰত অভিযান চলাই কম্পিউটাৰ কাঁটা আৰু দগাপাল্লাত ওজনত হেৰফেৰ কৰা ৬জন ব্যৱসায়ীক হাতে–লোটে ধৰা পেলায়৷ অভিযানৰ সময়ত অসাধু ব্যৱসায়ীকেইজনে প্রতিকিলোত ৮০ৰ পৰা ২০০ গ্রামপর্যন্ত ওজনত হেৰফেৰ কৰা তথ্য পোহৰলৈ আহিছে৷ অভিযানকাৰী দলটোৱে এই ব্যৱসায়ীকেইজনক নিয়ম অনুসৰি জৰিমনা বিহে৷ ইফালে বৈধ পৰিমাণ আৰু বিজ্ঞান বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে মহানগৰীৰ বজাৰ আৰু ব্যৱসায়িক প্রতিষ্ঠানত যোগান বিভাগৰ সহযোগত ধাৰাবাহিকভাৱে এই অভিযান চলোৱা হ’ব৷ উল্লেখ্য যে অসাধু ব্যৱসায়ীয়ে ওজনত হেৰফেৰ কৰি গ্রাহকক লুণ্ঠন চলাই প্রতিমাহে ২০ৰ পৰা ৬০ হাজাৰ টকাপর্যন্ত অতিৰিক্তভাৱে আয় কৰি আহিছে৷