নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজাৰ হাজাৰ সমর্থকেৰে ১৩ প্রার্থীৰ মনোনয়ন

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ  তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে বৃহস্পতিবাৰে কামৰূপ মহানগৰ নির্বাচনী জিলাত বিজেপি, অগপ, কংগ্রেছ, এলজেপি, জনতা দল ইউনাইটেড দলকে ধৰি কেইবাগৰাকীও নির্দলীয় প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰে৷ ঢ়োলে–দগৰে সহস্রাধিক সমর্থকক লগত লৈ ৫৩নং পূব গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্রার্থী মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই মনোনয়ন–পত্র দাখিল কৰে৷ ৫২নং দিছপুৰ সমষ্টিৰ বিজেপি প্রার্থী অতুল বৰাই কেইবাহাজাৰ সমর্থকক লগত লৈ নাৰেংগীৰ পৰা বিশাল ৰেলীৰে আহি জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰে৷ একেদৰে ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাই বিশাল সমদলেৰে মনোনয়ন–পত্র দাখিল কৰে৷

সহস্রাধিক সমর্থকক লগত লৈ মনোনয়ন–পত্র দাখিল কৰি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই আগন্তুক নির্বাচনত বিপুল ভোটৰ ব্যৱধানত ৰাইজে তেওঁক জয়ী কৰিব বুলি আশা প্রকাশ কৰে৷ মনোনয়ন–পত্র দাখিল কৰি সাংবাদিকৰে হোৱা বার্তালাপত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত ৰাইজে তেওঁক জয়ী কৰিব বুলি মন্তব্য কৰে৷ ইফালে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই সাংবাদিকৰে হোৱা বার্তালাপত কয় যে বিগত ৫ বছৰত সমষ্টিটোত কৰা উন্নয়নমূলক কাম–কাজৰ বাবেই এইবাৰ পুনৰ সমষ্টিবাসীয়ে তেওঁক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাব৷

মহানগৰ জিলাৰ অন্তর্গত চাৰি সমষ্টিৰ বহুকেইগৰাকী হেভীৱেট প্রার্থীয়ে আজি মনোনয়ন–পত্র দাখিল কৰে৷ কালিৰ দিনটোত মুঠ ১৩গৰাকী প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰে৷ এইসকলৰ ভিতৰত জালুকবাৰী সমষ্টিৰ কংগ্রেছ প্রার্থী ৰমেন চন্দ্র বৰঠাকুৰ, নির্দলীয় প্রার্থী নৱ কুমাৰ নাথ, ৫২নং দিছপুৰ সমষ্টিৰ লোক জনশক্তি পার্টীৰ প্রার্থী সোণমণি দাস, জনতা দল ইউনাইটেডৰ পল্লৱী ৰাভা, নির্দলীয় প্রার্থী ক্রমে চৰণ চন্দ্র ডেকা, নিতুল দাস, ড০ শৈলেন কলিতা৷ ৫৩নং পূব গুৱাহাটী সমষ্টিৰ অল ইণ্ডিয়া ফৰ’ৱার্ড প্রার্থী ভূপেন শর্মা৷ ৫৪নং পশ্চিম গুৱাহাটী সমষ্টিৰ জনতা দল ইউনাইটেড দলৰ প্রার্থী দেৱকেশ মল্ল বুজৰবৰুৱা আৰু নির্দলীয় প্রার্থী ড০ অভিজিৎ চক্রৱর্তীয়ে মনোনয়ন–পত্র দাখিল কৰে৷

কালিৰ দিনটোলৈকে মহানগৰ জিলাত মুঠ ১৭গৰাকীকৈ প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছে৷ কাইলৈ মনোনয়ন–পত্র দাখিলৰ অন্তিম দিনা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বহুকেইগৰাকী হেভীৱেট প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিব৷ এইসকলৰ ভিতৰত আছে কংগ্রেছ প্রার্থী মীৰা বৰঠাকুৰ গোস্বামী, অসীমা বৰদলৈ, অজাপৰ অদীপ কুমাৰ ফুকন, নির্দলীয় প্রার্থী বলেশ্বৰ ৰংপি, মনজিৎ মহন্ত৷

You might also like