সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গীতানগৰত গোচৰ
নিয়মীয়া বার্তা, ১৪ অক্টোবৰঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত জন্তুৰ বাবে কঢ়িয়াই অনা গো–মাংসৰ বাহন আবদ্ধ কৰি প্রতিবাদ সাব্যস্ত কৰাৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
হিন্দুত্ববাদৰ নামত চিৰিয়াখানাৰ জীৱ–জন্তুৰ খাদ্য কঢ়িয়াই অনা বাহন আবদ্ধ কৰি কেইবাটাও হিন্দুত্ববাদী সংগঠনৰ সদস্যই চিৰিয়াখানাৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰাৰ আঁৰত বিতর্কিত নেতা সত্যৰঞ্জন বৰাৰ হাত থকা বুলি ইতিমধ্যে বিভিন্ন মহলত চর্চিত হৈছে৷
ঘটনা সন্দর্ভত আজি বিতর্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বনদ্বীপ দত্ত নামৰ এজন লোকে গীতানগৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গীতানগৰ থানাত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷