নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত চলন্ত ৰে’লৰ পৰা পিতৃসহ দুই পুত্রক গঁতিয়াই পেলালে দুর্বৃত্তই

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ চন্দ্রপুৰত সংঘটিত হৈছে এক অবাঞ্ছিত দুর্ঘটনা৷ গুৱাহাটী অভিমুখী ইণ্টাৰচিটী এক্সপ্রেছ চলন্ত ৰে’লৰ পৰা দুর্বৃত্তৰ দলে গঁতিয়াই পেলাই দিয়ে এটি পৰিয়ালৰ দুই পুত্রসহ পিতৃক৷ কালি সন্ধিয়া প্রায় ৭ বজাত নামনিমুৱা গুৱাহাটী ইণ্টাৰচিটী এক্সপ্রেছ ৰে’লৰ পৰা চন্দ্রপুৰৰ সাংকৰত এটি দুর্বৃত্তৰ দলে দবা এটাৰ পৰা এটি পৰিয়ালৰ পত্নীক আবদ্ধ কৰি ৰাখি পিতৃসহ দুই পুত্রক গঁতিয়াই পেলাই দিয়ে৷ আঘাতপ্রাপ্ত পিতৃৰ ভাষ্য অনুসৰি আজি পুৱা ৮ মান বজাত ত্রিপুৰাৰ পৰা ভুক্তভোগী পৰিয়ালটোৱে গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এটি ১২–১৫জনীয়া দুর্বৃত্তৰ দলে ত্রিপুৰাৰ পৰাই তেওঁলোকক অনুসৰণ কৰি আহি থকা বুলি উল্লেখ কৰি দুর্বৃত্তৰ দলটোৱে দবাটোত থকা পৰিয়ালটোৰ পিতৃ আৰু দুই কণমানি পুত্রক গঁতিয়াই দিবলৈ কৈ আছিল আৰু চন্দ্রপুৰৰ সাংকৰত দবাটোৰ দর্জা বন্ধ কৰি দুই পুত্র আৰু পিতৃক গঁতিয়াই পেলাই দিয়ে৷ পত্নীগৰাকীক দুর্বৃত্তৰ দলটোৱে আবদ্ধ কৰি ৰাখি লৈ যায়৷ উল্লেখ্য যে পৰিয়ালটোৰ বৰপুত্রজনৰ অৱস্থা সংকটজনক আৰু গুৰুতৰভাৱে আঘাতপ্রাপ্ত পিতৃসহ সৰু পুত্র৷ পিছত ঘাটনস্থলীত পানীখাইতী আৰক্ষী চকীৰ লোক উপস্থিত হয় দুই পুত্রসহ পিতৃক জিএমচিএইচলৈ প্রেৰণ কৰে৷

You might also like